অসম

assam

ETV Bharat / state

আজিও ন্যায়ৰ অপেক্ষাত জোনমণিৰ মাতৃ; অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে উচিত শাস্তিৰ দাবী সুমিত্ৰা ৰাভাৰ - CBI report on Junmoni Rabha death - CBI REPORT ON JUNMONI RABHA DEATH

Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ বিষয়টো পুনৰ চৰ্চালৈ আহিছে ৷ চিবিআইৰ প্ৰতিবেদনে পুনৰ ৰাইজৰ মনত সজীৱ কৰি তুলিছে ৰহস্যজনক মৃত্যুৰ ঘটনাটো ৷ জোনমণিৰ মৃত্যুৰ আঁৰত ডাঙৰ মানুহ জড়িত বুলি অভিযোগ তুলি উচিত ন্যায়ৰ দাবী মাতৃৰ ৷

Junmoni Rabha death case
আজিও ন্যায়ৰ বাবে অপেক্ষাৰত জোনমণিৰ মাতৃ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 9:09 PM IST

গুৱাহাটী, 22 ছেপ্টেম্বৰ: ‘‘তেওঁলোকৰ বিৰুদ্ধে বিচাৰ কৰিব লাগিব ৷ জোনমণিৰ দৰে শাস্তি হ’ব লাগিব তেওঁলোকৰ ৷ জোনমণি যিদৰে নোহোৱা হৈ গ’ল, তেওঁলোকৰো তেনে শাস্তি হোৱাটো বিচাৰোঁ ৷ এছ পি লীনা দলে সাৰি যাব নেকি ? জোনমণি লীনা দলেৰ কৰ্মচাৰী আছিল ৷ লীনা দলেক নোসোধাকৈতো কোনো কাম নকৰে ৷ লখিমপুৰত ৰেইড চলাব যাওঁতে ডাঙৰ অফিচাৰক কৈয়েই গৈছে ৷ ডাঙৰ মানুহখিনিয়ে বিচাৰ কৰক ৷’’ নিজ কন্যাক অকালতে হেৰুওৱা সুমিত্ৰা ৰাভাৰ ভাষ্য এয়া ৷ এক দুৰ্ঘটনাত ৰহস্যজনকভাৱে প্ৰাণ হেৰুওৱা অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভা ৷

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে ৷ চি বি আইৰ শেহতীয়া প্ৰতিবেদনৰ ভিত্তিত অসম আৰক্ষীৰ সাতগৰাকীকৈ বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । জোনমণি ৰাভাৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা সাতগৰাকীকৈ বিষয়াৰ নাম চি বি আইৰ প্ৰতিবেদনত উল্লেখ কৰাৰ পিচতেই বিষয়াকেইগৰাকীৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে । ইয়াৰোপৰি গোচৰটোত সাঙোৰ খোৱা আন দুজন লোকৰ বিৰুদ্ধেও নগাঁও আৰক্ষীয়ে অপৰাধৰ গোচৰ ৰুজু কৰিছে ।

আজিও ন্যায়ৰ বাবে অপেক্ষাৰত জোনমণিৰ মাতৃ (ETV Bharat)

ইয়াৰ পিচতেই সংবাদ মাধ্যমৰ সমুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জোনমণি ৰাভাৰ মাতৃয়ে ৷ তেওঁ কয়, ‘‘চাৰিজন বিষয়াৰ নাম কিয় প্ৰতিবেদনত নাই সেইটো ডাঙৰ প্ৰশ্ন ৷ পৱন কলিতাই হাঁহি হাঁহি মাতে, ৰেপি ৰেপি কাটে ৷ দৰ্খাস্ত দি আহিলোঁ, তাত লীনা দলে আৰু আন কোনোবা কোনোবাৰ নাম নোহোৱা কৰি পেলালে ৷ যিদিনা কেচ উঠাব মাতিছিল, সেইদিনা লগপালো, মই ক’লো তুমি দৰ্খাস্তৰ পৰা নামকেইটা কিয় নাইকিয়া কৰিলা ? তেতিয়া তেওঁ কৈছে মই কি কৰিলোঁ, চিবিআয়ে তেওঁক চুপ ৰহৌ বুলি কৈ জেলত ভৰাই থ’ম বুলি কৈছিল ৷ তেওঁ দোষী কাৰণে মোক একো উত্তৰ দিব নোৱাৰিলে ৷’’

‘‘মই পঢ়া-লিখা নাজানো বাবে মোক সবেই ঠগিলে ৷ মোৰ ছোৱালীজনীকো ঠগিলে ৷ ইয়াত ডাঙৰ ডাঙৰ অফিচাৰ বিলাক জড়িত হৈ আছে ৷ মুখ্যমন্ত্ৰী মোৰ ঘৰত কিয় নাহিল ? জোনমণি গৃহবিভাগৰ মানুহ নহয় নেকি ? তেওঁলোকতো বহুত সাধাৰণ মানুহৰ ঘৰত যায়, ইয়ালৈ কিয় নাহিল ?’’ সমিত্ৰা ৰাভাই কয় ৷

তেওঁ আৰু কয়, ‘‘নকল টকা পোৱা ঘটনাটোত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে, যাৰ বাবে জোনমণিৰ মৃত্যু হ’ল ৷ সেয়ে মই বিচাৰিছোঁ উচিত শাস্তি হওক ৷ জেল হ’লে দুদিন পিচতে জামিনত খালাচ হৈ আহিব ৷ টকা থাকিলে বিচাৰ হয়, টকা নাথাকিলে বিচাৰ নাপায় ৷ মই বিচাৰিছোঁ আদলতে ন্যায় বিচাৰ কৰক ৷’’

লগতে পঢ়ক:প্ৰসংগ জোনমণি ৰাভাৰ মৃত্যু : চি বি আইৰ প্ৰতিবেদনৰ ভিত্তিত আৰম্ভ বিভাগীয় তদন্ত - Junmoni Rabha Death Case

স্বাস্থ্য বেয়া-টকাৰ অভাৱ; ইমান দূৰলৈ গৈ কেছ খেলিব নোৱাৰো : জোনমণি ৰাভাৰ মাতৃৰ প্ৰতিক্ৰিয়া - Junmoni Rabha Death Case

চিবিআইৰ প্ৰতিবেদনে বাকৰুদ্ধ কৰিলে জোনমণিৰ মাতৃক

ABOUT THE AUTHOR

...view details