বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে এই অপৰাধীকেইটাই আদিত্য বিৰলা গ্ৰুপ ফাইনেন্স কোম্পানীৰ নথি-পত্ৰ জমা দি অনলাইন ঋণ লৈছিল আৰু আজিৰ পৰা প্ৰায় দুসপ্তাহ পূৰ্বে মুম্বাইৰ পৰা আদিত্য বিৰলা গ্ৰুপৰ এটা জ্যেষ্ঠ দল আহি এফ আই আৰ দাখিল কৰিছিল । লগতে তেওঁলোকৰ ২০ কোটি টকা লোকচান হোৱা বুলি জনাইছিল । তেওঁলোকে প্ৰদান কৰা তথ্য-পাতিৰ ভিত্তিত তদন্ত চলাই মৰিগাঁও আৰক্ষীয়ে লাহৰিঘাট, মৈৰাবাৰী আদি অঞ্চলত অভিযান চলায় ।
আৰক্ষী বিষয়াগৰাকীয়ে কয়, "মৰিগাঁও পুলিচৰ চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে । যোৱাকালিও আমি জিলাখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মায়ং, লাহৰিঘাট, মৈৰাবাৰী, ভূৰাগাঁও এইবিলাক এৰিয়াত আমাৰ ১৩ টা দলে বিভিন্ন স্থানত অভিযান চলাইছিল । অভিযান চলাই আমি প্ৰায় ১১ জন আটক কৰিছো । সৰ্বমুঠ আমি ১৫ জনক আটক কৰিছো । তাৰে ১১ জনৰ বিৰুদ্ধে আমি তথ্যপাতি পাইছো । বাকীকেইটাৰ সোধ-পোছ চলি আছে । অভিযান চলি আছে ।"
তেওঁ লগতে কয়, "এই যিটো অভিযান চলি আছে ইয়াৰ মূলতে আছিল আদিত্য বিৰলা ফাইনেন্স কোম্পানী । তেওঁলোকৰ কোম্পানীত বিভিন্ন ধৰণৰ নথি-পত্ৰ জমা দি লোন লৈছিল । আজিৰ পৰা দুসপ্তাহমান আগতে তেওঁলোকৰ এটা ছিনিয়ৰ অফিচাৰ টীম আহিছিল । ইয়াত তেখেতসকলে এখন আফ আই আৰ দাখিল কৰিছিল । সৰ্বমুঠ তেওঁলোকৰ কোম্পানীৰ ২০ কোটি টকা লোকচান হোৱা বুলি কৈছিল ।"