অসম

assam

ETV Bharat / state

লখিমপুৰত আৰক্ষীৰ জালত ২৬ সুদখোৰ - Illegal money lender in Assam

Illegal money lender in Assam : দেওবাৰে নিশা লখিমপুৰ জিলাত সুদখোৰৰ বিৰুদ্ধে চলিল আৰক্ষীৰ অভিযান । দিব নোৱৰা লোকৰ পৰা কাঢ়ি ৰখা দুখন মটৰ চাইকেল, এখন স্কুটীসহ বহু পৰিমাণৰ চেক উদ্ধাৰ ।

Illegal money lender in Assam
সুদখোৰৰ বিৰুদ্ধে অভিযান

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 4:42 PM IST

সুদখোৰৰ বিৰুদ্ধে অভিযান

লখিমপুৰ, ১৯ ফ্ৰেব্ৰুৱাৰী : লখিমপুৰত সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান । আৰক্ষীয়ে অভিযান চলাই ২৬ জনক আটক কৰিছে । ৰাজ্য়ৰ আন জিলাৰ লগতে লখিমপুৰত যোৱা নিশা অবৈধ সুদখোৰৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় । এই অভিযানত আৰক্ষীয়ে জিলাখনৰ বিভিন্ন স্থানৰ পৰা ২৬ জন লোকক আটক কৰে । আৰক্ষীয়ে জিলাখনৰ বিহপুৰীয়া থানাৰ এলেকাৰ পৰা ৮ জন, নাৰায়ণপুৰ থানাৰ এলেকাৰ ৪ জন, লখিমপুৰ সদৰ থানাৰ এলেকাৰ পৰা ৪ জন, ঢকুৱাখনা থানাৰ এলেকাৰ এজন, লালুক থানাৰ এলেকাৰ পৰা ৮ জন আৰু ঘিলামৰা থানাৰ এলেকাৰ পৰা ১ জন লোকক অবৈধ সুদখোৱাৰ অভিযোগত আটক কৰে ।

আৰক্ষীয়ে সুদখোৰৰ জিম্মাৰ পৰা সুদ দিব নোৱৰা লোকৰ পৰা কাঢ়ি ৰখা দুখন মটৰ চাইকেল, এখন স্কুটীসহ বহু পৰিমাণৰ চেক, দলিল, চুক্তি পত্ৰ, ৰেভিনিউ, এটিএম কাৰ্ড আদি নথি পত্ৰ উদ্ধাৰ কৰে । আটকাধীন সকলক ইতিমধ্যে থানাত সোধপোচ কৰি থকা হৈছে । এই সন্দৰ্ভত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুনিন্দ্ৰ কুমাৰ দেউৰীয়ে কয় যে সোধা-পোচাৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে অবৈধ ধন সৰবৰাহ প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ধাৰা অনুসৰি আইনী ব্যবস্থা গ্ৰহণ কৰা হ'ব । জিলাখনত অবৈধ সুদখোৰৰ এক বৃহৎ চক্রই কাম কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এনে চক্রৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব ।

উল্লেখ্য যে কেইদিনমান পূৰ্বে জিলাখনৰ আৰক্ষীয়ে সামাজিক মাধ্যম, সংবাদ মাধ্যমৰ জৰিয়তে দুটা ফোন নম্বৰ ৰাইজৰ বাবে মুকলি কৰি দিছিল । ৰাইজক আৰক্ষীৰ এই নম্বৰ দুটাত অবৈধ সুদখোৰৰ নাম জনাবলৈ আৰক্ষীয়ে আহ্বান জনাইছিল । তথ্য যোগান ধৰোতাৰ নাম ঠিকনা সম্পূর্ণ গোপনে ৰখা হ'ব বুলি আৰক্ষীয়ে নিশ্চিতি দিছিল ।

আৰক্ষীৰ এই পদক্ষেপৰ পিচতেই ৰাইজে সঁহাৰি জনায় । যাৰ বাবে যোৱা নিশা জিলাখনত আৰক্ষীয়ে এই সফল অভিযান চলাবলৈ সক্ষম হয় । দুখীয়া বা বিপদগ্রস্ত পৰিয়ালৰ তেজ শুহি খোৱা এনে অবৈধ সুদখোৰ চক্রটোক জিলাখনৰ পৰা পুলিয়ে পোখাই উভালি পেলাবলৈ ৰাইজে আৰক্ষীক আহ্বান জনাইছে ।

লগতে পঢ়ক:সুদখোৰৰ বিৰুদ্ধে কলিয়াবৰত আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details