মোদী মুখাৰ আকৰ্ষণ কৰিছে ফাকুৱাৰ গ্ৰাহকক গুৱাহাটী, ২৪ মাৰ্চ : এয়া আবিৰৰে দেহ-মন ৰঙীণ কৰাৰ সময় । এয়া ফাকুৱাৰ বতৰ । ফাকুৱাক কেন্দ্ৰ কৰি উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ দেশতে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰতো ৰঙৰ উৎসৱ ফাকুৱাৰ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ।
ৰঙৰ উৎসৱ ফাকুৱাক লৈ গুৱাহাটী মহানগৰত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে । ৰং-বিৰঙী আবিৰ, পিচকাৰী, ভিন্ন আকৃতিৰ মুখাৰে, গণেশগুৰি, পল্টন বজাৰ, মালিগাঁও, ছয়মাইল, চানমাৰিকে কৰি বাণিজ্যৰ প্ৰাণকেন্দ্ৰ ফাঁচীবজাৰ উভৈনদী হৈ পৰিছে ।
ব্যৱসায়ীসকলে বিভিন্ন ফাকুৱাৰ সামগ্ৰীৰে বজাৰ ওপচাই পেলোৱাৰ লগতে ক্রেতাক আকর্ষিত কৰিবলৈ বিভিন্ন চেষ্টা চলোৱা পৰিলকক্ষিত হৈছে । ফাকুৱাৰ বজাৰত এইবাৰ অন্যতম আকর্ষণৰ কেন্দ্ৰ হৈছে মোদী মুখা, ভূতৰ মুখা, বাঘৰ মুখাৰ লগতে বিভিন্ন প্ৰকাৰৰ মুখা, ৰং-বিৰঙী চুলি, ভিন্ন আকৃতিৰ পিচকাৰী আদি ।
কানপুৰ, দিল্লী, কলকাতাৰপৰা অহা ব্যৱসায়ীসকলে প্রতি কিলোগ্রাম ফাকুগুড়ি ২৫০-৪৫০ টকাকৈ বিক্রী কৰিছে । আনহাতে, হাৰবেল ফাকুবোৰ প্ৰতি পেকেট ৫০ টকাৰ পৰা ১০০ টকা পর্যন্ত বিক্রী হৈছে । ইফালে, পিচকাৰী ১০০-৭০০ টকা, টি-চাৰ্ট ১৫০ টকা , কুৰ্টা ৩৫০, মুখা ৭০ টকাৰ পৰা ১৫০ টকা, পাগুৰি ১০০-২০০টকা পর্যন্ত বিক্রী হৈছে ।
এই সামগ্রীবোৰ দিল্লী, কলকাতা, গুজৰাটৰ পৰা আহিছে বুলি জানিব পৰা গৈছে । ব্যৱসায়ীসকলে জনোৱা মতে এইবাৰ ফাকুৱাৰ বজাৰত হাৰবেল আবিৰ, মোদী মুখাকে ধৰি ভিন্ন প্ৰকাৰৰ মুখা, ৰং-বিৰঙী চুলি, পিচকাৰী, টি-চাৰ্ট আদিৰ চাহিদা বৃদ্ধি পাইছে ।
বতৰে বাধা দিলেও বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে । এক কথাত ক'বলৈ গ'লে মহানগৰীৰ চৌদিশে এতিয়া বিৰাজ কৰিছে উখল-মাখল পৰিৱেশ ।
লগতে পঢ়ক :হোলীৰ ৰঙৰ পৰা কেনেধৰণৰ সমস্যা সৃষ্টি হ'ব পাৰে ? - Holi Colors