অসম

assam

ETV Bharat / state

একেদিনাই দুখনকৈ বৈঠকত অংশগ্ৰহণ কৰি পঞ্চায়ত নিৰ্বাচনলৈ সাজু ঘোষণা বিধায়িকা শিৱামণি বৰাৰ - MLA SIBAMONI BORA - MLA SIBAMONI BORA

Congress meeting in Nagaon: পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাৰ ৷ ধিং সমষ্টিত কংগ্ৰেছ দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্ব ল’বলৈ দলীয় কৰ্মকৰ্তাক আহ্বান বিধায়িকাগৰাকীৰ ৷ চাওক বিতং খবৰ...

MLA SIBAMONI BORA
বিধায়িকা শিৱামণি বৰাৰ বৈঠকৰ অংশ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:12 PM IST

ধিং, 21 জুলাই: ৰাজ্যত এতিয়া উপ নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰণকৌশল প্ৰস্তুতিত ব্যস্ত ৰাজনৈতিক দলসমূহ ৷ বিৰোধী দল কংগ্ৰেছৰো প্ৰতিগৰাকী নেতা-কৰ্মী সম্প্ৰতি ব্যস্ত এই নিৰ্বাচনক লৈ ৷ নগাঁও জিলাৰ ধিং সমষ্টিত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজালে বটদ্ৰৱা সমষ্টি(বৰ্তমানৰ ধিং সমষ্টি) ৰ কংগ্ৰেছ দলৰ বিধায়িকা শিৱামণি বৰাই ৷ দেওবাৰে বিধায়িকাগৰাকীয়ে ধিং আৰু হাতীমূৰীয়া গাঁও পঞ্চায়তৰ দুখনকৈ নিৰ্বাচনী প্ৰস্তুতি সভাত অংশগ্ৰহণ কৰে ৷

বৈঠকৰ শেষত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ (ETV Bharat Assam)

বিশেষকৈ ধিং সমষ্টিত কংগ্ৰেছ দলৰ সাংগঠনিক পুনৰ্গঠনৰ দায়িত্ব লয় বিধায়িকা বৰাই ৷ ২০২৬ চনত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনাই বিধায়িকাগৰাকীয়ে ৷

লগতে পঢ়ক:লক্ষ্য উপ আৰু পঞ্চায়ত নিৰ্বাচন : ৰাজীৱ ভৱনত এখনৰ পাচত আনখন বৈঠকৰে মন্থন - APCC MEETING IN GUWAHATI

অৱশ্যে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে এতিয়াও ঘোষণা কৰা হোৱা নাই দিন-বাৰ ৷ তথাপিও এই নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছে আৰম্ভ কৰিছে কুচ-কাৱাজ ৷ উল্লেখ্য যে, হাতীমূৰীয়া মণ্ডল কংগ্ৰেছৰ উদ্যোগত হাতীমূৰীয়া আজান-শংকৰ কলেজৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ এই দলীয় কৰ্মী সভা ৷

বিধায়িকাগৰাকীয়ে তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে অঞ্চলটোৰ সমস্যাৰ বুজ লয় ৷ বিধায়িকা শিৱামণি বৰাক এই কাৰ্যত সংগ প্ৰদান কৰে বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি নুৰুল ইছলাম দলৈ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য শ্বামিম হাচান, আবিদা বেগম, শ্বৰীফ উদ্দিন, জাহিৰুল ইছলাম মুক্তাৰ, প্ৰাক্তন সভানেত্ৰী জোছনাৰা বেগমকে ধৰি কংগ্ৰেছৰ অন্যান্য দলীয় নেতা-কৰ্মীসকলে ৷

অসমৰ 5 টা সমষ্টিত ইতিমধ্যে উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সৰ্বতোপ্ৰকাৰে সাজু হৈ পৰিছে ৰাজ্যিক নিৰ্বাচন আয়োগ ৷ শুকুৰবাৰে এক সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৷ অৱশ্যে নিৰ্বাচন আয়োগে এতিয়াও সদৰী কৰা নাই পঞ্চায়ত নিৰ্বাচনৰ দিন সন্দৰ্ভত কোনো কথা ৷

লগতে পঢ়ক:উপ-নিৰ্বাচনৰ বাবে সাজু নিৰ্বাচন আয়োগ: 20 আগষ্টত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা - BY ELECTION IN ASSAM

ABOUT THE AUTHOR

...view details