গুৱাহাটী, ২২ ফেব্ৰুৱাৰী :‘‘শশী মডেলৰ সংশোধনী ঘটিল । এতিয়া কমলাক্ষ মডেল আহিল ।’’ - এই মন্তব্য এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ । বৃহস্পতিবাৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শিক্ষা বিভাগৰ প্ৰসংগক লৈ সদন উত্তপ্ত হৈ পৰে । এই বিষয়টোত আলোচনা বিচাৰে যদিও অধ্যক্ষই বাধা দিয়াত বিৰোধীয়ে সদন ত্যাগ কৰে ৷
সেই সময়ত সদনত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই শাসকীয় পক্ষক সংগ দিয়ে । যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই । আনকি সংবাদ মাদ্যমৰ আগত তেওঁ কেতবোৰ মন্তব্যও প্ৰকাশ কৰে ৷
বিধায়ক বৰভূঞাই কয়, ‘‘মডেল সলনি হোৱাটো আজি সদনত কমলাক্ষ দে' পুৰকায়স্থই প্ৰমাণ কৰিলে । সদনত বিৰোধীৰ পক্ষ লোৱাৰ সলনি কমলাক্ষ দে’ পুৰকায়স্থই আসন সলনি কৰি বিজেপিৰ হৈ কথা কৈছে । সেইটো হৈছে সংশোধনী কমলাক্ষ মডেল’’ ।