নগাঁও, 16 ছেপ্টেম্বৰ:চামগুৰি উপ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই আৰম্ভ হোৱা বিজেপিৰ বিধায়ক জিতু গোস্বামী আৰু কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনৰ মাজৰ বাকযুদ্ধ ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈ উঠিছে । বিশেষকৈ দীৰ্ঘদিনে ৰকিবুল হুছেইনৰ দখলত থকা চামগুৰি সমষ্টি এইবাৰ পুত্ৰৰ দখললৈ অনাৰ বাবে সাংসদগৰাকী তৎপৰ হোৱাৰ বিপৰীতে বিজেপিৰ হৈ অধিক তৎপৰ হৈছে বিধায়ক জিতু গোস্বামী । ইয়াৰ মাজতে আকৌ মানহানি গোচৰ প্ৰসংগয়ো লাভ কৰিছে চৰ্চা ।
- এশ কোটিৰ মানহানি গোচৰ তৰিব বিধায়কে
নগাঁও সদৰ আৰক্ষী থানাত বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি ৰকিবুল হুছেইনে সংবাদ মাধ্যমৰ সন্মুখত কৰা মন্তব্যক লৈ ক্ষুণ্ণ হোৱা বিধায়ক জিতু গোস্বামীয়ে ৰকিবুলৰ বিৰুদ্ধে এশ কোটিৰ মানহানি গোচৰৰ তৰা হ'ব ঘোষণা কৰিছিল । পৰৱৰ্তী সময়ত মানহানিৰ গোচৰ তৰিবলৈ সাহস নাই বুলি বিধায়ক গোস্বামীক প্ৰত্যাহ্বান জনাইছিল ৰকিবুল হুছেইনে ।
ৰকিবুল হুছেইনৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি সাংসদগৰাকীৰ বিৰুদ্ধে মানহানি গোচৰ তৰিবলৈ সাজু হৈছে বিধায়ক জিতু গোস্বামী । তেওঁ কয়, "ৰকিবুল হুছেইনৰ বিৰুদ্ধে গুৱাহাটীত এশ কোটি টকাৰ মানহানি গোচৰ কাইলৈ তৰিম ।"
আনহাতে, চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাথী ঘোষণা কৰা নাই যদিও ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনেই প্ৰাৰ্থী হোৱাটো একপ্ৰকাৰ নিশ্চিত হোৱাৰ পাছৰ পৰাই ৰকিবুল হুছেইনৰ পৰিয়ালক সমষ্টিটোৰ পৰা উৎখাত কৰাৰ আহ্বানেৰে প্ৰচাৰ অব্যাহত ৰাখিছে বিধায়ক জিতু গোস্বামীৰ লগতে বিজেপি দলে । তেওঁ কয়, "এইবাৰ চামগুৰিত খেলা হ'ব ।"
- নিৰাপত্তাৰক্ষী অবিহনেই চামগুৰিত উপস্থিত জিতু গোস্বামী