অসম

assam

বৰ্তমান বিধান সভাত বিৰোধীয়েই নাই: বিধায়ক অতুল বৰা

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 3:45 PM IST

MLA Atul Bora: বৰ্তমান ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছৰ নাও ডুবু ডুবু ৷ ইয়াৰ পিচতে দলটোক থকা সৰকা কৰিলে দিছুপৰৰ বিধায়ক অতুল বৰাই ৷ কংগ্ৰেছ দলক বিধান সভাত বহি থকা ভাটৌসদৃশ বুলিহে গণ্য কৰে বৰাই ৷

MLA ATUL BORA REACTION
বৰ্তমান বিধান সভাত বিৰোধীয়েই নাই- বিধায়ক অতুল বৰা

বৰ্তমান বিধান সভাত বিৰোধীয়েই নাই- বিধায়ক অতুল বৰা

গুৱাহাটী, 21 ফেব্ৰুৱাৰী : "বিৰোধী নথকা বিধান সভালৈ গৈ কি লাভ । আমি কৈ থকা কথাবোৰ শুনিহে থাকিব । বিধান সভাত বিৰোধী শক্তিশালী হ’লেহে অতুল বৰাৰ দৰকাৰ। শাসকীয় পক্ষই কথা কৈ থাকিলে বিৰোধীয়ে ঠাণ্ডা হৈ থাকে । বৰ্তমান বিৰোধীয়ে নাই যেতিয়া বিধান সভালৈ গৈ সময় নষ্ট নকৰো ।" বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত বিৰোধীক আক্ৰমণ কৰি এইদৰে মন্তব্য আগবঢ়াই দিছপুৰৰ বিধায়ক অতুল বৰাই ৷

বৰাই লগতে বিৰোধী দল কংগ্ৰেছক লক্ষ্য কৰি মন্তব্য প্ৰকাশ কৰি কয়, "নতুন বিজেপি আহি আছে ৷ আগলৈও আহি থাকিব ৷ আজিও আপৰ 250 সদস্যই বিজেপিত যোগদান কৰিব । গুৱাহাটী পৌৰ নিগমৰ আপৰ পাৰিষদ মাচুমা বেগমৰ স্বামীয়ে আজি বিজেপিয়ে যোগদান কৰিব । আজি স্বামী আহিছে মানে পত্নীও কাইলৈ আহিব ৷ এতিয়া বিজেপিৰ বজাৰ বহুত ভাল, গতিকে বিজেপিলৈ এতিয়া মানুহ আহিবই ৷"

"2026 ত মই দিছপুৰৰ পৰা নিৰ্বাচন খেলিম ৷ মই অৱসৰ গ্ৰহণৰ পিচতে মোৰ পুত্ৰ ৰাজনীতিলৈ আহিব ৷" শেহতীয়াকৈ বিধায়ক অতুল বৰাৰ তনয় অৰুনাভ বৰাই 2024 ৰ লোক সভাৰ বাবে টিকট বিচাৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ৷ বিধায়কগৰাকীয়ে কোৱা অনুসৰি, তেওঁৰ পুত্ৰ ৰাজনীতিৰ প্ৰতি সাংঘাতিক আগ্ৰহী ৷

ইফালে ৰাজ্যত ন-বিজেপি আৰু পুৰণি বিজেপিৰ মাজত হৈ থকা সংঘাত সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত বিধায়ক বৰাই কয়, "নতুন বিজেপিৰ মাজত মই এলাগী নহও। আন কোনোবা হয় যদি হ'ব মোৰ কি আহে যায় । কাৰোবাৰ মাজত সংঘাত আছে যদিও মোৰ চাবলৈ সময় নাই।"

উল্লেখ্য যে, অসমৰ ৰাজনীতিৰ খবৰ ৰখাসকলে শেহতীয়াকৈ আমোদ লভিছে প্ৰদেশ কংগ্ৰেছত চলি থকা নাটকখন চায় ৷ ইজনৰ পিচত সিজনকৈ নেতাই এৰিছে দল ৷ সেয়েহে বিৰোধীৰ অস্তিত্ব অনুভৱ কৰা নাই বিধায়ক বৰাই ৷

লগতে পঢ়ক:শীঘ্ৰেই বহু কংগ্ৰেছ নেতা-কৰ্মীৰ অগপলৈ আগমন; দাবী ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ

ABOUT THE AUTHOR

...view details