তিনিচুকীয়া, 11 মে’ :চৰকাৰখনে যদি ৰাজহ সংগ্ৰহৰ মূল বস্তু হিচাবে সুৰাক গ্ৰহণ কৰে, তেতিয়াহ’লে সেইখন ৰাজ্যৰ ভৱিষ্যৎ কেতিয়াও নাথাকে ৷" অসমত সুৰাৰ বিক্ৰী বৃদ্ধি কৰিবলৈ দিছপুৰে ব্যৱসায়ীক নিৰ্দেশ দিয়াক লৈ এই মন্তব্য কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ ৰাজ্যত ৰাজহ বৃদ্ধিৰ বাবে সুৰা বিক্ৰী বৃদ্ধি কৰিবলৈ আবকাৰী বিভাগে সুৰাৰ বিপণিসমূহক দিয়া নিৰ্দেশকলৈ এতিয়া সৰৱ হৈ পৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিজন ৷
তেওঁ কয় যে, ৰাজহ সংগ্ৰহৰ বাবে যদি চৰকাৰে সুৰাক মূল বস্তু হিচাবে লয়, ৰাজ্যৰ জনতাক যদি সুৰা সেৱন কৰাই তেতিয়া হ’লে সেইখন ৰাজ্যৰ ভৱিষ্যত নাথাকে ৷ আজি মাকুমত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়কজনে কয় যে, কেন্দ্ৰীয় চৰকাৰে যেতিয়াৰ জি এছ টি আৰম্ভ কৰিলে তেতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ ৰাজহ সংগ্ৰহৰ বাবে থকা কৰৰ ব্যৱস্থা থাকে সেইবিলাক ৰাজ্য চৰকাৰৰ হাতৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুছি গ’ল ৷ কেন্দ্ৰীয় চৰকাৰৰ হাতলৈ গুছি যোৱাৰ কাৰণে এতিয়া অসমৰ নিজা ৰাজহ আয় সাংঘাতিক ধৰণে কম হৈ গৈছে ৷ এতিয়া ৰাজ্য চৰকাৰৰ হাতত কোনো উৎস নাই ৷ লগতে ৰাজ্যখনে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া কৰৰ অংশ হয় পাবলৈ দেৰি হৈ যায় ন’হলে কৰৰ অংশ পূৰ্বে যিধৰণে পাই আছিল সেইধৰণে পোৱা নাই বুলি কয় তেওঁ ৷