অসম

assam

দিনটো সদনত বহি হিন্দু-মুছলমান শুনি থাকিব নোৱাৰি : এদিনতে তিনিবাৰকৈ সদনৰ পৰা নিলম্বন অখিল গগৈক - Akhil Gogoi on CM HBS

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 8:15 PM IST

MLA Akhil Gogoi on Assam current situation : বিধানসভা অধিৱেশনৰ আজি দ্বিতীয় দিনটোত সদনৰ পৰা তিনিবাৰকৈ নিলম্বন হ’ল বিধায়ক অখিল গগৈ ৷ বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল হিন্দু-মুছলমানৰ প্ৰসংগৰে ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে গগৈয়ে ৷

Assam Assembly autumn session
বিধানসভাত দিনটোত তিনিবাৰ অখিল গগৈক নিলম্বন (ETV Bharat)

গুৱাহাটী, ২৭ আগষ্ট :অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি দ্বিতীয় দিনটোত অখিল গগৈৰ হেট্ৰিক ৷ এবাৰ বা দুবাৰ নহয় ৷ দিনটোত মুঠ তিনিবাৰকৈ বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক । মঙলবাৰৰ দিনটোত অসম বিধানসভাৰ প্ৰধান ঘটনাক্ৰমৰ ভিতৰত আছিল অখিল গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাকযুদ্ধ । যাৰ ফলশ্ৰুতিত বিধানসভাৰ পৰা অধ্যক্ষই তিনিবাৰকৈ নিলম্বন কৰে বিধায়ক গগৈক ৷ বিধানসভাত সমগ্ৰ মঙলবাৰৰ দিনটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমান প্ৰসংগৰে ৰাজনীতি কৰাৰ অভিযোগ অখিল গগৈৰ ৷

বিধানসভাত দিনটোত তিনিবাৰ অখিল গগৈক নিলম্বন (ETV Bharat)

“বিধানসভাৰ মজিয়াত দিনটো হিন্দু-মুছলমান শুনি শুনি মোৰ কাণ বিষাই গৈছে ৷ মূৰ ঘূৰাই গৈছে ৷ মুখ্যমন্ত্ৰী-গৃহমন্ত্ৰীৰ দায়িত্ব হ’ল ৰাইজক সুৰক্ষা দিয়া ৷ কিন্তু আমাৰ মুখ্যমন্ত্ৰীয়ে চিভিল ৱাৰ লগাবলৈ চেষ্টা কৰিছে ৷” তৃতীয়বাৰ নিলম্বিত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাজ্যত গৃহযুদ্ধৰ পাতনি মেলিব খোজা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে বিৰোধী বিধায়ক অখিল গগৈয়ে ৷

লগতে পঢ়ক :গৃহমন্ত্ৰী হৈ নিজে গৃহযুদ্ধ লগাব বিচাৰিছে মুখ্যমন্ত্ৰীয়ে: তীব্ৰ বিতৰ্কৰ মাজতে বিধানসভাৰ পৰা নিলম্বন অখিল গগৈক - Akhil gogoi suspended

সন্ধিয়া তৃতীয়বাৰৰ বাবে বিধানসভাৰ পৰা নিলম্বিত হৈ অখিল গগৈৰ মন্তব্য, “আজি তিনি নম্বৰৰ বাবে মোক নিলম্বন কৰিলে ৷ পুৱাৰ পৰা গধূলিলৈকে যদি সদনত হিন্দু-মুছলমান আলোচনা কৰি থাকে, তেনেহ’লে কোনোবা সুস্থ মানুহ বহি থাকিব পাৰে নেকি ? মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলমানৰ মাজত কাজিয়া লগাবলৈ শপত খাই লৈছে ৷”

“মুখ্যমন্ত্ৰীয়ে বিধানসভাত হিন্দু-মুছলমান লৈ এইদৰে কৰা বক্তব্যৰ মই প্ৰতিবাৰে প্ৰতিবাদ কৰো ৷ যাৰ বাবে মোক একেদিনাই তিনিবাৰ নিলম্বন কৰিলে ৷ আমি অসমীয়া মানুহে হিন্দু-মুছলমানৰ কথা পাতি থাকিব নোৱাৰো ৷” এই মন্তব্য অখিল গগৈৰ ৷

লগতে পঢ়ক :সদনৰ মজিয়াত মুখ্যমন্ত্ৰীৰ ৰুদ্ৰমূৰ্তি : নামনিৰ মিঞাক উজনিলৈ যাব নিদিওৱেই, যি কৰে কৰক - Assam Assembly Autumn Session

অখিল গগৈৰ অভিযোগ যে ২০২৬ ৰ অসমৰ বিধানসভা নিৰ্বাচনক লৈ বিজেপিয়ে অসমত সাম্প্ৰদায়িকতাৰ জুই জ্বলাব খুজিছে ৷ সেয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমান, উজনি-নামনি বিভাজন কৰিব খুজিছে ।

অখিল গগৈয়ে সংবাদ মাধ্যমক কয়, “কেৱল '২৬ ৰ কথা চিন্তা কৰি হিন্দু-মুছলমান কৰি থাকিলে নহ’ব ৷ গোটেই জীৱনৰ বাবে বিধায়ক পদ খাৰিজ কৰিলেও মই মুখ্যমন্ত্ৰীক সাম্প্ৰদায়িক বিষবাষ্প বিয়পাবলৈ নিদিও ৷”

লগতে পঢ়ক :চৰকাৰী চাকৰিতো ১০ শতাংশ সংৰক্ষণ লাগে মিঞাক : আমিনুল ইছলাম - Miya controversy

ABOUT THE AUTHOR

...view details