ৰঙিয়া:ৰাজ্য় চৰকাৰে ইতিহাস প্ৰসিদ্ধ সমল তথা ঐতিহাসিক কীৰ্তিচিহ্ন সংৰক্ষণৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে যদিও একাংশ দুষ্টচক্ৰই এইবোৰ ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে । আনকি প্ৰশাসনৰ সন্মুখতেই এইবোৰ ধ্বংসযজ্ঞত নামি পৰিছে । এইবাৰ ইতিহাস প্ৰসিদ্ধ সমলত পৰিছে দুষ্টচক্ৰৰ হাতোৰা ।
দুৰ্বৃত্তৰ চকু পৰিছে ৰঙিয়াৰ ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়ত । মাটি কঢ়িয়াব পৰাকৈ গড় কাটি পথ মুকলি কৰি ললে নিজৰ সুবিধামতে । স্থানীয় লোকৰ বাধা পাই আধাতে কাম সামৰি ঠাই এৰি এক্সকেভেটৰসহ পলাল চালক । ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় মধ্য পাণ্ডুৰী ছাত্র সন্থাৰ দল । মধ্য পাণ্ডুৰী ছাত্র সন্থাই এই ঘটনাত তীব্ৰ গৰিহণা দিয়াৰ লগতে গড়টো সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী উত্থাপন কৰিছে ।
উল্লেখ্য় যে ৰঙিয়াৰ জামতোলা আৰু গড়ৰ ভিতৰ অঞ্চলক সমানে দুভাগ কৰিছে আৰিমত্ত গড়ে । গড়ৰ ভিতৰ অঞ্চলত আছে কেইবাটাও ইটাভাটা । ছাত্র সন্থাৰ অভিযোগ অনুসৰি এই ইটা ভাটাসমূহত মাটি যোগান ধৰা ঠিকাদাৰে নিজৰ সুবিধাৰ বাবে গড়টো এনেদৰে কাটি লৈছে ।
ভৱেশ কলিতাৰ প্ৰতিশ্ৰুতিও অসাৰ :