ডিব্ৰুগড় :অসমৰ বিভিন্ন স্থানত আহোম স্বৰ্গদেউ, বৰফুকন আদিৰ মৈদামসমূহ আছে । ডিব্ৰুগড় জিলাৰ খোৱাং বাগানৰ মাজতো আহোমৰ বিখ্যাত দশৰথ বহিখোৱা বৰফুকনৰ মৈদামৰ লগতে ২০০ৰো অধিক সৰু-বৰ মৈদাম আছে । কিন্তু বছৰ বছৰ ধৰি এইসমূহ মৈদাম অবহেলিত হৈ আছে । যাৰ বাবে আহোম জনগোষ্ঠীৰ একাংশ দল-সংগঠন আৰু সচেতন ৰাইজৰ সহযোগত এই মৈদামসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ।
মৈদামসমূহলৈ যাবলৈ খোৱাং বাগান তিনিআলিত এখন দিশ নিৰ্ণায়কাৰী ফলক লগাইছিল মৈদাম সংৰক্ষণ সমিতিয়ে । কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই এই ফলক ভাঙি পেলায় । পূৰ্বপুৰুষৰ প্ৰতি এনে অপমানক সহজভাৱে ল'ব পৰা বিভিন্ন আহোম জনগোষ্ঠীৰ সংগঠনে । যাৰ বাবে ক্ষোভিত হৈ পৰিছে টাই আহোম ছাত্ৰ সন্থা আৰু টাই আহোম যুৱ পৰিষদ ।
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat) অতি ষড়যন্ত্ৰমূলকভাৱে এই ফলক ভাঙি পেলোৱাৰ অভিযোগ সংগঠনকেইটাৰ । দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবীৰে খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে টাই আহোম যুৱ পৰিষদৰ (টাইপা) খোৱাং আঞ্চলিক সমিতিয়ে ।
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat) - ঐতিহাসিক মৈদামসমূহ সংৰক্ষণত ব্যৰ্থ চৰকাৰ :
অসমৰ বিভিন্ন স্থানত থকা মৈদামসমূহৰ অধিকাংশই পুৰাতত্ব বিভাগৰ অমনোযোগিতাৰ বাবে ধ্বংসৰ দিশলৈ গতি কৰিছে । ৰাজ্য চৰকাৰে ৰজা দিনীয়া সকলো সমল সংগ্ৰহ আৰু সোন্দৰ্যবৰ্ধন কৰা হ'ব বুলি ঘোষণা কৰিছিল যদিও সেয়া বাস্তৱত কাৰ্যকৰী হোৱা নাই । ফলত খোৱাং চাহ বাগিচাৰ এলেকাধীন মণিপথাৰত থকা দশৰথ বহিখোৱা বৰফুকনৰ প্ৰায় দুই শতাধিক মৈদাম এতিয়া নিঃশেষ হোৱাৰ দিশত ।
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat) খোৱাং চাহ বাছাৰ মাজত থকা মৈদামসমূহৰ প্ৰায় সংখ্যকতেই বাগিচা কৰ্তৃপক্ষৰ হাতোৰা পৰিছে । কেৱল ইমানেই নহয় অস্তিত্বৰ সংকটত থকা মৈদামসমূহৰ ওপৰত ৰোপণ কৰা হৈছে চাহ গছ । অসম চৰকাৰৰ পুৰাতত্ব বিভাগৰ দৰে এটা বিয়াগোম বিভাগ থকাৰ পিছতো এনেধৰণৰ ইতিহাস প্ৰসিদ্ধ মৈদামসমূহ ধ্বংসৰ গৰাহলৈ যোৱাটো আচৰিত কথা ।
দুৰ্বৃত্তই ভাঙিলে দশৰথ বহিখোৱা বৰফুকন মৈদামৰ ফলক (ETV Bharat) - দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী টাইপাৰ :
খোৱাং বাগানৰ মাজত আহোমৰ বিখ্যাত দশৰথ বহিখোৱা বৰফুকনৰ মৈদামৰ লগতে ২০০ৰো অধিক সৰু-বৰ মৈদামলৈ যোৱা দিশ নিৰ্ণয়কাৰী ফলক দুৰ্বৃত্তই ভাঙি পেলোৱাৰ পাছতে ক্ষোভিত হৈ পৰিছে টাই আহোম যুৱ পৰিষদকে ধৰি বিভিন্ন সংগঠন । খোৱাং আৰক্ষী থানাত এজাহাৰ দাখিল কৰি দুৰ্বৃত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে । এই ঘটনাই আহোমৰ উপৰিপুৰুষক চৰম অপমান কৰা হৈছে বুলিও অভিযোগ কৰিছে সংগঠনটোৱে ।