মেঘালয় চৰকাৰৰ বিৰুদ্ধে দলগাঁৱত প্ৰতিবাদ দলগাঁও, ২০ এপ্ৰিল: তিনিদিন পূৰ্বে মেঘালয়ৰ অগাছিত উদ্ধাৰ হৈছিল অসমৰ তিনি যুৱকৰ অগ্নিদগ্ধ মৃতদেহ ৷ গাঁতত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছিল অসমৰ যুৱক তিনিজন ৷ লগতে জ্বলাই দিয়া হৈছিল তেওঁলোকে লৈ যোৱা বাহনখনো ৷ সেই চাঞ্চল্যকৰ ঘটনাই এতিয়াও জোঁকাৰি আছে ৰাজ্য ৷
অচিনাক্ত দুৰ্বৃত্তৰ নৃশংসতাৰ বলি হোৱা গোৱালপাৰা জিলাৰ যুৱককেইজন আছিল জমেৰ উদ্দিন, নুৰ মহম্মদ আৰু জাহিৰুল ইছলাম ৷ মেঘালয়ত সংঘটিত উক্ত ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে উত্তৰ-পূব সংখ্যালঘু ছাত্ৰ সন্থাই ।
ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে দৰঙৰ দলগাঁৱত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত মেঘালয়ৰ মুখ্যমন্ত্ৰী মুৰ্দাবাদ, মেঘালয়ৰ গৃহ বিভাগ হায় হায় আদি শ্ল’গানেৰে কনৰাড চাংমাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ মেঘালয়ৰ পূব গাৰোপাহাৰ জিলাৰ অগাছিলৈ যোৱা যুৱক তিনিজনক নৃশংসভাৱে হত্যা কৰা ঘটনা মানি ল’ব পৰা নাই নেমছু এ ।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি মেঘালয় চৰকাৰ তথা গৃহ বিভাগৰ চৰম গাফিলতিৰ বাবেই ৰাজ্যখনত সুৰক্ষিত নহয় অসমৰ যুৱকসকল । মেঘালয়লৈ ফুৰিবলৈ যোৱা তিনিওগৰাকী যুৱকক অমানৱীয় আৰু নৃশংসভাৱে গাড়ীৰ ভিতৰতে হাত-ভৰি বান্ধি জীৱন্তে জ্বলাই হত্যা কৰি মাটিত পুতি থোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে হত্যাকাণ্ডটো সংঘটিত কৰা ব্যক্তিক অতি শীঘ্ৰেই কৰায়ত্ব কৰিবলৈ দাবী জনাইছে নেমছুৰ সভাপতি বদৰুল ইছলামে ।
আনহাতে সংখ্যালঘূ ছাত্ৰ সংগঠনটোৱে সমগ্ৰ ঘটনাৰ চি বি আই তদন্তৰ দাবী জনাইছে । তদুপৰি মৃত যুৱককেইজনৰ পৰিয়ালক চৰকাৰে একোটাকৈ চৰকাৰী চাকৰিৰ উপৰিও প্ৰতিটো পৰিয়াললৈ ৫০ লাখকৈ টকাৰ সাহাৰ্য আগবঢ়াবলৈ দাবী জনাই নেমছুৰ সভাপতি বদৰুল ইছলামে ।
এই গণতান্ত্ৰিক আন্দোলনৰ পিচতো যদি চৰকাৰে ভুক্তভোগী পৰিয়ালকেইটাক ন্যায় দিব নোৱাৰে তেন্তে পৰৱৰ্তী সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে নেমছু এ ।
লগতে পঢ়ক:মেঘালয়ত তিনি অসমৰ যুৱকক জীৱন্তে জ্বলাই পুতি থ’লে গাঁতত