লখিমপুৰ, ১৪ আগষ্ট:লখিমপুৰত নজিৰ বিহীনভাৱে ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় পস্কো(POSCO) আদালতৰ । লখিমপুৰৰ বিশেষ পস্কো আদালতে মঙলবাৰে নজিৰ বিহীনভাৱে এজন নাবালিকা যৌন নির্যাতনকাৰীৰ বিৰুদ্ধে ২৫ বছৰৰ কাৰাদণ্ডৰ আদেশ দিয়ে ।
আদালতে লগতে ১৭ হেজাৰ টকাৰ জৰিমনাৰ ৰায়দান কৰে । বিশেষ পস্কো ন্যায়াধীশ মঞ্জু বৰদলৈৰ আদালতে ২৫ বছৰ কাৰাদণ্ডৰ আদেশ দিয়া অপৰাধীজন হৈছে জিলাখনৰ ঢকুৱাখনা মহকুমাৰ ভোমা ককচাং গাঁৱৰ প্ৰদীপ দলে ।
প্ৰদীপ দলেই ২০১৮ চনতে এগৰাকী নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত অভিযুক্ত হৈছিল । সেই অভিযোগত ঢকুৱাখনা আৰক্ষী থানাত ১৬৬/২০১৮ নম্বৰত এটা গোচৰ ৰুজু হৈছিল । পৰৱৰ্তী সময়ত লখিমপুৰৰ বিশেষ পস্কো আদালতত এই গোচৰটো ৪৭/২০১৯ নম্বৰত পঞ্জীয়ন হয় । গোচৰটোৰ সকলো প্ৰমাণ, সাক্ষীগ্ৰহণৰ অন্তত বিশেষ পস্কো আদালতে মঙলবাৰে এই আইনৰ ৬ ধাৰা মতে তেওঁক দোষী সাব্যস্ত কৰি ২৫ বছৰৰ কাৰাদণ্ডৰ ৰায় দিয়ে ।