চিৰাং,৪ ছেপ্টেম্বৰ:ৰাজ্যত পুনৰ পোহৰলৈ আহিছে দলবদ্ধ ধৰ্ষণৰ দৰে এক ভয়ংকৰ ঘটনা । এইবাৰ ঘটনাৰ স্থান চিৰাং জিলাৰ ৰুনিখাতা । এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৫ জন । দলবদ্ধ ধৰ্ষণতে সীমাবদ্ধ নাথাকি ধৰ্ষণকাৰীয়ে সামাজিক মাধ্যমত ভাইৰেল কৰিলে ধৰ্ষণৰ ভিডিঅ' । কিশোৰীগৰাকীৰ সৈতে দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হৈছিল বিগত আগষ্ট মাহত ।
সম্প্ৰতি উক্ত দলবদ্ধ ধৰ্ষণকাণ্ডৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছত পোহৰলৈ আহিছে সমগ্ৰ ঘটনা । জানিব পৰা মতে ৰুনিখাতাৰ ১৬ বছৰীয়া কিশোৰীগৰাকীৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাত দুজন নাবালকসহ মুঠ ছজন যুৱক জড়িত আছিল । ভুক্তভোগী নাবালিকাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত উক্ত ভাইৰেল ভিডিঅ'ৰ আঁত ধৰি ৰুনিখাতা থানাৰ আৰক্ষীয়ে ইতিমধ্যেই পাঁচ ধৰ্ষণকাৰীক মঙলবাৰে নিশা আটক কৰে যদিও বৰ্তমানো আন এক অভিযুক্ত পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ।