অসম

assam

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 7:54 PM IST

ETV Bharat / state

দিব্যাংগৰ সহায়ৰ বাবে 'মিছন থট্‌ফুল তিনিচুকীয়া ' আৰম্ভ - Mission Thoughtful Tinsukia

Special Mission for divyang : তিনিচুকীয়া জিলাৰ দিব্যাংগ তথা বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ ইয়াৰে অংশৰূপে জিলাখনৰ ১৬০ গৰাকী দিব্যাংগক প্ৰদান কৰা হৈছে হুইল চেয়াৰ, লাখুটি আদি ।

Special Mission for Divyang
মিছন থট্‌ফুল তিনিচুকীয়া (ETV Bharat Assam)

তিনিচুকীয়া, ৯ আগষ্ট: তিনিচুকীয়া জিলাৰ দিব্যাংগসকলক চিনাক্ত কৰি তেওঁলোকৰ বাবে গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ । এই পদক্ষেপ হিচাপে শুক্ৰবাৰে আৰম্ভ কৰা হয় 'মিছন থট্‌ফুল তিনিচুকীয়া ' । উক্ত মিছন থট্‌ফুল তিনিচুকীয়াৰ জৰিয়তে জিলাখনৰ ১৬০ গৰাকী দিব্যাংগৰ ওঁঠত বিৰিঙিল হাঁহি । মিছন থট্‌ফুলৰ জৰিয়তে ইণ্ডিয়ান অইল, ডিগবৈ শোধনাগাৰ আৰু ভাৰত চৰকাৰৰ বিশেষ আঁচনিৰ জৰিয়তে তিনিচুকীয়াৰ দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হয় হুইল চেয়াৰ, লাখুটি, বেটাৰিৰে চালিত বাহনকে আদি কৰি বিভিন্ন সামগ্ৰী ৷

মিছন থট্‌ফুল তিনিচুকীয়া (ETV Bharat Assam)

উল্লেখ্য় যে তিনিচুকীয়াত অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে জিলা আয়ুক্ত স্বপ্নীল পালৰ তৎপৰতাত চিকিৎসকৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰি দিব্যাংগৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হৈছিল । জিলাখনত ৫৫৬ গৰাকী দিব্যাংগক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় এই শিৱিৰত ৷ দিব্যাংগসকলৰ মুখত হাঁহি বিৰিঙাবলৈ শুক্ৰবাৰে তিনিচুকীয়াৰ বৰগুৰিত আয়োজিত এক অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে ইণ্ডিয়ান অইলৰ বিষয়াসকল ।

অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এই প্ৰসংগত কয়,"এই আঁচনিত ৫৬ লাখ টকা ৮১ হাজাৰ টকা ব্য়য় হৈছে । লগতে এনে এটা মহান কাৰ্যসূচীত সাক্ষী হ’বলৈ পাই নিজকে আনন্দিত অনুভৱ কৰিছো ৷" লগতে এনে এটা মহান পদক্ষেপ গ্ৰহণ কৰা বাবে জিলা আয়ুক্ত স্বপ্নীল পাল আৰু ইণ্ডিয়ান অইলৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী দাসে ৷ উল্লেখ্য় যে তিনিমাহ ধৰি দিব্যাংগসকলক চিনাক্ত কৰিবলৈ জৰীপ কৰাৰ পিছত আয়োজন কৰা হয় এই শিবিৰৰ ।

লগতে পঢ়ক:তিনিচুকীয়াত ৰটাৰী ক্লাবে আগবঢ়ালে কৃত্ৰিম হাত - Help for specially able people

চৰকাৰৰ বিৰুদ্ধে দিছপুৰ লাষ্টগেটত দিব্যাংগ মঞ্চৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details