মৰাণ, 23 ছেপ্টেম্বৰ: 2024 ৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছতে দলীয় সাংগঠিনক ভেটি শক্তিশালী কৰিবলৈ অধিক তৎপৰ হৈছে শাসকীয় দল বিজেপি । সমাগত পঞ্চায়ত নিৰ্বাচন, বিধানসভাৰ উপ-নিৰ্বাচন আৰু 2026 ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ সদস্যৰ সংখ্যা বৃদ্ধিৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰিছে বিজেপি দলে । সেয়ে শাসক দল বিজেপিয়ে ৰাজ্যত আৰম্ভ কৰিছে সদস্যতা ভৰ্তি অভিযান । তেনে সময়তে 2026 ৰ বিধানসভা নিৰ্বাচনৰ নতুন খবৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই ।
ডিব্ৰুগড়ৰ খোৱাঙত সোমবাৰে বানপীড়িতৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । খোৱাং আজাৰগুৰিত আজি অনুষ্ঠিত হোৱা সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী পীযুষ হাজৰীকাই নাম নোলোৱাকৈয়ে এগৰাকী নেতা সন্দৰ্ভত একপ্ৰকাৰৰ তাচ্ছিল্যসূচক মন্তব্য কৰে । মন্ত্ৰীজনে কয়, ‘‘হাৰি হাৰি সমষ্টি সলাই থকা মানুহ এইবাৰ খোৱাং সমষ্টিত সোমাব বিচাৰিছে । ঘূৰি ফুৰা কেঁকোৰাৰ তেল নাই, এনে কেঁকোৰাক ইয়াত গাঁত খান্দিবলৈ নিদিব ৷’’ লগতে ‘‘মিছা কথাৰে ৰাজনীতি কৰা মানুহ আমি নহয়’’ বুলি উল্লেখ কৰি বিজেপিয়ে সকলো সময়তে কথা দি কথা ৰাখে বুলি ভাষণত কয় মন্ত্ৰী পীযুষ হাজৰীকাই ।
উল্লেখ্য যে খোৱাঙত চৰ্চা চলিছিল অহা বিধানসভা নিৰ্বাচনত নৱগঠিত খোৱাং সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । এই পৰিপ্ৰেক্ষিতত বহুতেই সন্দেহ প্ৰকাশ কৰিছে যে মন্ত্ৰী পীযুষ হাজৰীকাই কোৱা এই নেতাগৰাকী অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈও হ’ব পাৰে ৷ অৱশ্যে মন্ত্ৰীগৰাকীয়ে কোনো দল বা ব্যক্তি বিশেষৰ নাম উল্লেখ কৰা নাই ৷
আনহাতে চৰাইদেউৰ সোণাৰিত বিজেপি নেতা তথা পঞ্চায়ত সভাপতিৰ আত্মহত্যাত ঘটনাত সাংবাদিক আৰু RTI কৰ্মীৰ বিৰুদ্ধে মানসিক অত্যাচাৰৰ অভিযোগ উঠাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । সোণাৰিৰ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যা মন্ত্ৰীগৰাকীৰ । তেওঁ কয়, ‘‘মানুহক এনেদৰে ব্লেকমেইলিং কৰিব নাপায় । তেখেতৰ চুইচাইড নোটত যিসকলৰ নাম উল্লেখ আছে সেইসকলৰ বিৰুদ্ধে আইনে উচিত ব্যৱস্থা ল'ব বুলি আশা কৰিছো ।’’