অসম

assam

ETV Bharat / state

নগাঁৱক বানমুক্ত কৰিবলৈ কি কৰিব বুলি ক'লে মন্ত্ৰী পীযুষ হাজৰীকাই ? - Pijush Hazarika - PIJUSH HAZARIKA

নগাঁৱত পৰ্যালোচনা বৈঠকত মন্ত্ৰী পীযুষ হাজৰীকা । বুজ ল'লে বান পৰিস্থিতিৰ । নগাঁৱক বানমুক্ত কৰাৰ লক্ষ্য । বানত ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ গৰাকীয়ে লাভ কৰিব এককালীন সাহাৰ্য।

Pijush Hazarika in Nagaon
জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 6:46 PM IST

নগাঁও, ২৩ জুলাই: বছৰৰ প্ৰথম ভাগতেই দুটাকৈ বানে জুৰুলা কৰা নগাঁৱৰ বানাক্ৰান্তৰ ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ মঙলবাৰে নগাঁৱত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰীকা । জিলাখনৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচতেই নগাঁৱত উপস্থিত হৈ জিলা প্ৰশাসন, বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় জলসম্পদ মন্ত্ৰীগৰাকী ।

জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

নগাঁও জিলা আয়ুক্তৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত অংশগ্ৰহণৰ অন্তত সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ দুটাকৈ বানে ক্ষতিগ্ৰস্ত কৰা নগাঁৱৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ কথা উল্লেখ কৰি আগন্তক সময়ত নগাঁৱক বানমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা পৰিকল্পনাৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । আগন্তুক সময়ত নগাঁৱক বানমুক্ত কৰিবলৈ এটা নতুন মথাউৰি নিৰ্মাণৰ লগতে ডাৱেল বান্ধ নিৰ্মাণৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

চাংচুকী গাৰুখুটা অঞ্চলত ৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি এইবাৰ বাৰিষাৰ পাছতেই ৬ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই । লগতে খাৰুখুন্দাৰ পৰা বকুলগুৰিলৈকে অতিৰিক্ত ১২-১৫ কিলোমিটাৰ ডাৱেল বান্ধ নিৰ্মাণৰো পৰিকল্পনা কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

৬ কিলোমিটাৰ মথাউৰিৰ লগতে ১২-১৫ কিলোমিটাৰ ডাৱেল বান্ধ নিৰ্মাণ হ'লে নগাঁও জিলা ৯০ শতাংশ বানমুক্ত হ'ব বুলিও আশাবাদী মন্ত্ৰীগৰাকী । ইপিনে, দুটাকৈ বানত নগাঁৱৰ চাৰে চাৰি লাখ মানুহ ক্ষতিগ্ৰস্ত হোৱা বুলিও উল্লেখ কৰে নগাঁৱৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে । তেওঁ দুটাকৈ বানত জিলাখনৰ ৫৫০ টা ঘৰ ক্ষতিগ্ৰস্ত হোৱাৰ কথাও উল্লেখ কৰি ক্ষতিগ্ৰস্ত হোৱা ঘৰৰ প্ৰতিগৰাকী গৰাকীয়ে ১ লাখ ২০ হাজাৰ টকালৈকে ক্ষতিপূৰণ হিচাপে এককালীন সাহাৰ্য লাভ কৰিব বুলিও উল্লেখ কৰে । বানত ক্ষতিগ্ৰস্ত ঘৰৰ গৰাকীয়ে অহা ১২ আগষ্টত ক্ষতিপূৰণ লাভ কৰাৰ কথাও ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:নগাঁৱত বানৰ বিভীষিকা : বানৰ কবলত শিশুসহ 22,354 গৰাকী লোক - FLOOD IN NAGAON

আনহাতে, চৰকাৰে ৰাজ্যৰ কৃষকৰ উৎপাদিত ধান আৰু সৰিয়হৰ ন্য়ূনতম সমৰ্থন মূল্য চমুকৈ এম এছ পি প্ৰদান কৰাৰ পাচতেই জিলাখনত ধান আৰু সৰিয়হৰ উৎপাদন বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে মন্ত্ৰী হাজৰীকাই । নগাঁও জিলা আয়ুক্ত কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, অতিৰিক্ত আয়ুক্ত, জলসম্পদ বিভাগৰ লগতে অন্যান্য বিভাগৰ জিলা মুৰব্বী বিষয়াৰ উপৰি জিলা জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়াও উপস্থিত থাকে । ইপিনে,মন্ত্ৰীগৰাকীয়ে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত পৰ্যালোচনা বৈঠকৰ অন্তত নগাঁও চহৰৰ বান শিবিৰো পৰ্যবেক্ষণ কৰে ।

লগতে পঢ়ক:নগাঁৱৰ বন্যাৰ্তলৈ প্ৰশাসনৰ বান সাহাৰ্য - Relief Aid Distributed in Nagaon

ABOUT THE AUTHOR

...view details