অসম

assam

ETV Bharat / state

কলঙৰ নৱনিৰ্মিত শ্লুইছ গেটেৰে নিগৰা লুইতৰ পানীয়ে ক্ষতি নকৰে : কেশৱ মহন্ত - Kolong river rejuvenation project

sluice gate of Kolong: কলঙৰ নৱনিৰ্মিত শ্লুইছ গেটেৰে লুইতৰ পানী নিগৰি বৈ যোৱাত আতংকিত হৈছে ৰাইজ । হাতীমূৰাৰ কলংমুখ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ ।

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 6:39 PM IST

sluice gate of Kolong
হাতীমূৰাৰ কলংমুখ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ (ETV BHARAT ASSAM)

কলিয়াবৰ, ২২ জুন:নগাঁও জিলাৰ হাতীমূৰাৰ কলংমুখ পৰিদৰ্শন কৰি আবকাৰী মন্ত্ৰী কেশৱ মহন্তই জনসাধাৰণক শংকিত নহ'বলৈ আহ্বান জনাইছে । শনিবাৰে মন্ত্ৰীগৰাকীয়ে কলঙৰ নৱনিৰ্মিত শ্লুইছ গেটৰ তলেদি লুইতৰ পানী নিগৰি বৈ যোৱাৰ পিচতেই তেওঁ উক্ত স্থান পৰিদৰ্শন কৰি ৰাইজক এইদৰে অভয়বাণী দিয়ে । এই শ্লুইছ গেটৰ তলেদি লুইতৰ পানী নিগৰি বৈ যোৱাত অঞ্চলটোৰ ৰাইজ শংকিত হোৱাত মন্ত্ৰী কেশৱ মহন্তই এই ঠাই পৰিদৰ্শন কৰি কয়, "চিন্তাৰ কাৰণ নাই । কলঙৰ নৱনিৰ্মিত শ্লুইছ গেটৰ তলেদি নিগৰি বৈ যোৱা লুইতৰ পানীয়ে একো ক্ষতি নকৰে । যিহেতু শ্লুইছ গেটখন এতিয়াও খুলি দিয়া হোৱা নাই । শ্লুইছ গেটখন খুলি দিলে সোঁত ব'ব । যি পানী কলঙৰ বুকুৰে বৈ গৈছে তাকে লৈ শংকিত হ'ব নালাগে ।"

হাতীমূৰাৰ কলংমুখ পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ (ETV BHARAT ASSAM)

আনহাতে, জলসম্পদ বিভাগৰ বিষয়াই জনোৱা মতে, শ্লুইছ গেটখন বহুৱাওঁতে তলফালে কিছু ফাঁক থাকিব পাৰে । যিহেতু এই শ্লুইছ গেটখন এতিয়া প্ৰাৰম্ভিক পৰ্যায়তে আছে, এনে সৰু-সুৰা বিসংগতি স্বাভাৱিকতে ওলাব পাৰে । বিভাগীয় অভিযন্তা-কাৰিকৰী বিশেষজ্ঞই সমগ্ৰ বিষয়টো পৰ্যৱেক্ষণ কৰি বিসংগতি আঁতৰোৱাৰ কাম আৰম্ভ কৰিছে । কলং প্ৰকল্পত অভিজ্ঞ কাৰিকৰী বিশেষজ্ঞ বিষয়াৰ উপস্থিতিত পানী বোৱতীকৰণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হ'ব বুলি বিষয়াগৰাকীয়ে সদৰী কৰে ।

ইপিনে,শুকুৰবাৰে জখলাবন্ধাত কলং পৰিদৰ্শন কৰি শীঘ্ৰে আনুষ্ঠানিকভাৱে কলং বৈ যোৱাৰ আশা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । যি কাৰণতেই নহওক কলঙৰ বুকুত লুইতৰ পানী ভৰি পৰাত এক সুখানুভূতি বৈ গৈছে কলিয়াবৰীয়াৰ মাজত । কলিয়াবৰৰ হাতীমূৰাত ব্ৰহ্মপুত্ৰৰ সৈতে সংলগ্ন কলঙৰ মুখ খান্দি দিয়াৰ পাচতে পুনৰ প্ৰাণ পোৱা মৃত কলঙে ভৰ বাৰিষাতে এইবাৰ চিৰপ্ৰৱাহিত হ’ব । ব্ৰহ্মপুত্ৰৰ জলৰাশি বৃদ্ধি হ'লেই নতুন শ্লুইছ গেটৰে বোৱতী হ’ব কলং ।

২০২০ চনৰ ৩০ অক্টোবৰত তদানীন্তন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই শুভাৰম্ভ কৰা প্ৰকল্প প্ৰায় ৩ বছৰ ৬ মাহৰ ভিতৰতেই সম্পূৰ্ণ হৈ উঠে । উল্লেখযোগ্য যে ১৯৬৩ চনত ব্ৰহ্মপুত্ৰৰ বানৰ পৰা মধ্য অসমক ৰক্ষা কৰিবলৈ হাতীমূৰাত বন্ধ কৰি দিয়া হৈছিল কলঙৰ মুখ । তাৰ লগে লগে মৃত্যু ঘটিছিল নগাঁৱৰ প্ৰাণস্পন্দন বোৱতী কলঙৰ । কেন্দ্ৰীয় জলসম্পদ বিভাগৰ অধীনস্থ প্ৰতিষ্ঠান WAPCOS ক ২০১৯ চনত কলং উন্নয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছিল । ১৩৫.৪০ কোটি টকা নিৰ্ধাৰণ কৰিছিল সম্পূৰ্ণ প্ৰকল্পটোত ।

লগতে পঢ়ক:কলিয়াবৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মা : শীঘ্ৰেই খোল খাব কলঙৰ শ্লুইছ গেট - Himanta Biswa Sarma

শীঘ্ৰেই প্ৰবাহমান হ'ব কলং: হাতীমূৰাৰ পৰা শুভবাৰ্তা দিলে মন্ত্ৰী পীযুষ হাজৰীকাই - Kolong river rejuvenation project

ABOUT THE AUTHOR

...view details