গুৱাহাটী:বৃহস্পতিবাৰৰ পুৱা প্ৰায় ৯-৩০ বজাত খাৰঘূলিৰ জজ কলনীৰ সমীপত জাইকাৰ পানী পাইপ বিস্ফোৰণে সমগ্ৰ মহানগৰীকে জোকাৰি যায় । ভয়ংকৰ জল বিস্ফোৰণৰ পানীয়ে মুহূৰ্ততে সমগ্ৰ অঞ্চল বুৰোৱাৰ লগতে ৬টাকৈ পৰিয়ালৰ ঘৰৰ লগতে ৮ খন দোকান তচনচ কৰি পেলায় । বিধ্বস্ত হয় পৰিয়ালকেইটাৰ সকলো সা-সম্পত্তি ।
উল্লেখ্য যে জলবিস্ফোৰণথলীৰ নিচেই সমীপতেই আছে জলবোৰ্ডৰ পানী পৰিশোধন আৰু যোগান প্ৰকল্প । ৫০ ফুট পৰ্যন্ত ওপৰলৈ উঠে জলবিস্ফোৰণৰ পানীৰ ফোঁৱাৰা । পিছত স্থানীয় লোকৰ তৎপৰতাত প্ৰকল্পৰ পাম্প বন্ধ হোৱাৰ পিছত পানীৰ তাণ্ডৱ নোহোৱা হয় যদিও ইতিমধ্যে কম সময়তে বৃহৎ ক্ষতি সাধন হয় অঞ্চলটোত ৷
খাৰঘূলিৰ ক্ষতিগ্ৰস্তক ক্ষতিপূৰণ দিব চৰকাৰে (ETV Bharat Assam) পানীৰ ফোঁৱাৰা বন্ধ হোৱাৰ পিছত ঘটনাস্থলীত উপস্থিত হয়গৈ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ৷ ঘটনাস্থলীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয়, “খাৰঘূলিত আগতে ঘটা ঘটনাটোৰ পিছত আমালৈ বিশেষজ্ঞৰ পৰামৰ্শ আছিল যে চাৰ্জ সুৰক্ষা ব্যৱস্থাপ্ৰণালী সংস্থাপনৰ বাবে এটা টেংক বনাব লাগে । সেইমতেই টেংকটো বনোৱা হৈছিল । কাইলৈৰ পৰা পানী যোগান বন্ধ ৰাখি সেইটো সংস্থাপন কৰিবৰ বাবে আমি প্ৰস্তুতি চলাইছিলো । কাৰিকৰী মানুহে কোৱা মতে, তাৰ পূৰ্বেই পাৱাৰ যোগানত ব্যাঘাত জন্মাৰ বাবে পুনৰ চাপৰ সৃষ্টি হৈ পাইপ ফাটিছে ।”
ক্ষতিগ্ৰস্তসকললৈ ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ’ব: ঘোষণা মন্ত্ৰীৰ
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য, “জিলা প্ৰশাসনে ইয়াত হোৱা ক্ষয়-ক্ষতিৰ হিচাপ লৈ আছে ৷ ক্ষয়-ক্ষতিখিনিৰ দায়িত্ব চৰকাৰে ল’বই লাগিব । সৌভাগ্যবশতঃ কোনো লোকৰ প্ৰাণহানি হোৱা নাই । যিখিনি লোকৰ ঘৰ-দোকান আদি ক্ষতিগ্ৰস্ত হৈছে সেইখিনিৰ আমি ব্যৱস্থা কৰিম ।”
আনহাতে, গুৱাহাটীৰ জলবোৰ্ডৰ ঘোষণা অনুসৰি ভালেকেইটা অঞ্চলত বন্ধ থাকিব পানী যোগানৰ ব্যৱস্থা ৷ গুৱাহাটী জলবৰ্ডে ঘোষণা কৰিছে, “আমি আমাৰ সন্মানীয় গ্ৰাহকসকলক জনাব বিচাৰিছো যে ৩/১/২৫ৰ পৰা ৫/১/২৫লৈ অমিয় নগৰ, ৰামচা হিল আৰু লিচুবাগানৰ জলাধাৰৰ অধীনত থকা অমিয় নগৰ, চানমাৰী, ৰাজগড়, লাচিত নগৰ, বৰা ছাৰ্ভিচ, বৃহত্তৰ চিৰিয়াখানা পথ, বৃহত্তৰ অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্ৰীনগৰ, ভাস্কৰ নগৰ, এম টি ৰোড, গীতানগৰ, অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মাণিক নগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ড৹ জাকিৰ হুছেইন ৰোড, ডাউন টাউন, বৰমটৰীয়া, লতাশিল, শিলপুখুৰী, পাণবজাৰ, খাৰঘূলি ইত্যাদিত পানী যোগান ব্যাহত হ’ব । চাৰ্জ টেংক সুৰক্ষা ব্যৱস্থাপ্ৰণালী সংস্থাপন কৰাৰ বাবে নিৰাপত্তাৰ উদ্দেশ্যে খাৰঘূলি প্ৰকল্পত এই বন্ধৰ প্ৰয়োজন হৈছে ।”
লগতে পঢ়ক:আকৌ ফুটিল জাইকাৰ জলবোমা: ৫০ ফুট পৰ্যন্ত উঠিল পানীৰ ফোঁৱাৰা