অসম

assam

প্ৰধানমন্ত্ৰীৰ আগমনে পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব: জয়ন্ত মল্লবৰুৱা

By ETV Bharat Assamese Team

Published : Mar 7, 2024, 7:52 PM IST

PM Modi Kaziranga Visit : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে যি স্থানতে গৈ উপস্থিত হয়, সেই স্থানেই বিশ্ববিখ্যাত হৈ পৰে । সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট আৰু কাজিৰঙা আগমনে পৰ্যটন মানচিত্ৰত অসমত এক নতুন দিগন্তৰ সূচনা কৰিব । এই মন্তব্য মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

যোৰহাটত স্বদেশ দৰ্শন ২.০ আঁচনি উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা
যোৰহাটত স্বদেশ দৰ্শন ২.০ আঁচনি উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

যোৰহাটত স্বদেশ দৰ্শন ২.০ আঁচনি উদ্বোধন অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

যোৰহাট, ৭ মাৰ্চ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে শ্ৰীনগৰৰ পৰা ৬,৪০০ কোটি টকা ব্যয় সাপেক্ষে স্বদেশ দৰ্শন ২.০ আঁচনিৰ অধীনত ৫৩ টা বিভিন্ন প্ৰকল্পৰ শিলান্যাস কৰে । এই অনুষ্ঠানৰ যোৰহাট জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত ভাৰ্চুৱেল অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ।

উক্ত আঁচনিৰ অধীনত যোৰহাট আৰু কোকৰাঝাৰৰ পৰ্যটন ক্ষেত্ৰৰ বাবে দুটা প্ৰকল্পও শুভাৰম্ভ কৰা হয় । আনহাতে, উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে কাজিৰঙাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নৈশযাপন আৰু জীপ, হাতী ছাফাৰিত অংশগ্ৰহণে বিশ্বত কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰক এক নতুন মাত্ৰা প্ৰদান কৰিব । কাৰণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰ্যটন ক্ষেত্ৰৰ প্ৰসাৰৰ বাবে যি স্থানতে গৈ উপস্থিত হয়, সেই স্থানেই বিশ্ববিখ্যাত হৈ পৰে বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

সেয়েহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যোৰহাট আৰু কাজিৰঙা আগমনে পৰ্যটন মানচিত্ৰত অসমত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ কয় । ইয়াৰ লগতে পৰ্যটন ক্ষেত্ৰত সংস্থাপনৰ বাট আৰু অধিক মুকলি কৰিব বুলিও উল্লেখ কৰে । উল্লেখ্য যে ৮ আৰু ৯ মাৰ্চত দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাট আৰু কাজিৰঙালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ।

৮ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ আৰক্ষী অতিথিশালাত নৈশযাপন কৰিব আৰু ৯ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিব । তাৰ পৰা গৈ তেওঁ যোৰহাটৰ হোলোঙাপাৰস্থিত লাচিত মৈদামত ১২৫ ফুট উচ্চতাৰ লাচিত বৰফুকনৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব । তাৰ পিচত তেওঁ মেলেং মেটেলিত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :১০৫ টা বিধানসভা সমষ্টিত কাৰো মাতেই নাই, গজাল মাৰি দিয়া হৈছে : মুখ্যমন্ত্রী

ABOUT THE AUTHOR

...view details