গুৱাহাটী : বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যই স্থাপন কৰিব বিশ্ব অভিলেখ । অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনত এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে । অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ সৰুসজাই ক্ৰিয়া প্ৰকল্পত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানৰ পূৰ্বে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ সদৰত অনুষ্ঠিত হৈ আছে ‘‘ঝুমুৰ বিনন্দিনী’’ৰ মাণ্ডলিক পৰ্যায়ৰ পৰিৱেশন ।
২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ যাৰ বাবে এতিয়া সজাই পৰাই তুলিবলৈ তীব্ৰ গতিত কাম কাজ কৰি থকা হৈছে ।
সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া ‘‘ঝুমুৰ বিনন্দিনী’’ৰ অনুষ্ঠানস্থলী বৃহস্পতিবাৰে পৰিদৰ্শন কৰে মন্ত্ৰী বিমল বড়াই । অনুষ্ঠানস্থলী পৰিদৰ্শনৰ পিছত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
- ‘‘ঝুমুৰ বিনন্দিনী’’ৰ সন্দৰ্ভত মন্ত্ৰী বিমল বড়াই কয় -
‘‘মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত এই অনুষ্ঠান সফল হ’ব । ২৫-২৬ ফেব্ৰুৱাৰীত বিশ্ব বাণিজ্য সন্মিলনত লগত সংগতি ৰাখি এই কাৰ্যসূচী ৰখা হৈছে । ২০০ বছৰ পুৰণি চাহ শিল্পক বিশ্বক জনোৱাৰ প্ৰয়াস কৰা হৈছে । সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে । জ’ন অনুসৰি অনুশীলন কৰি থকা হৈছে । অহা ২০ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব ঝুমুৰ শিল্পীসকল । ২১-২২ ফেব্ৰুৱাৰীত সৰুসজাইত অনুশীলন কৰিব । ২৩ ফেব্ৰুৱাৰীত চূড়ান্ত অনুশীলন কৰা হ’ব । দুপৰীয়া আহাৰ, নিশা আহাৰ আৰু ব্ৰেকফাষ্টৰ ব্যৱস্থা সৰুসজাই ষ্টেডিয়ামতে কৰা হ’ব । নিশা থকাৰ বাবে গুৱাহাটীত হোটেলৰ ব্যৱস্থা কৰা হৈছে ।’’