অসম

assam

ETV Bharat / state

অসুস্থ পদ্মশ্ৰী গোপীৰাম বৰগায়ন; স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই - gupiram burhabhakat health

Padmashree Gupiram Burhabhakat health: মুখ্যমন্ত্ৰীৰ নিদেৰ্শত নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত মন্ত্ৰী বিমল বড়া ৷ মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত পদ্মশ্ৰী গোপীৰাম বৰগায়নৰ স্বাস্থ্য বুজ লয় মন্ত্ৰীগৰাকীয়ে ৷ 100 বছৰ অতিক্ৰম কৰা পদ্মশ্ৰী গোপীৰাম বৰগায়নৰ চিকিৎসাৰ সকলো ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

By ETV Bharat Assamese Team

Published : May 21, 2024, 3:55 PM IST

minister Bimal Borah visited AMCH to check on uttar kamalabari satra gupiram burhabhakat health
অসুস্থ পদ্মশ্ৰী গোপীৰাম বৰগায়ন; স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই (Etv bharat assam)

অসুস্থ পদ্মশ্ৰী গোপীৰাম বৰগায়ন; স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই (Etv bharat assam)

মৰাণ, 21 মে’:শাৰিৰীকঅসুস্থতাত ভুগিছে মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত পদ্মশ্ৰী গোপীৰাম বৰগায়ন । কাঁহ আৰু শ্বাসজনিত সমস্যাত ভুগি যোৱা 9 মে’ত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় ভৰ্তি কৰোৱা হয় বুঢ়া ভকতগৰাকীক । অসম চিকিৎসা মহাবিদ্যালয়ৰ ICU ত চিকিৎসাধীন হৈ আছে পদ্মশ্ৰী গোপীৰাম বৰগায়ন । অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ চিকিৎসকৰ তত্ত্বাৱধানত চিকিৎসা চলিছে বুঢ়া ভকতগৰাকীৰ ।

পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে । অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াক চিকিৎসাৰ ক্ষেত্ৰত সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সোমবাৰৰ নিশা AMCH ত মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বুঢ়া ভকত পদ্মশ্ৰী গোপীৰাম বৰগায়নৰ স্বাস্থ্যৰ বুজ ল'লে মন্ত্ৰী বিমল বড়াই ।

সাংস্কৃতিক আৰু উদ্যোগ বিভাগৰ মন্ত্ৰীগৰাকীয়ে নিশা অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়া ভকতৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে, চিকিৎসক তথা মহাবিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তেওঁৰ চিকিৎসা সম্পৰ্কে আলোচনাত মিলিত হয় ।

কেবিনেট মন্ত্ৰীগৰাকীৰ সৈতে উক্ত সময়ত উপস্থিত থাকে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি, অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙীয়া, উপ-অধীক্ষক ডাঃ হোমেন ভাগৱতী, ডাঃ দীপক দাস, অতিৰিক্ত উপায়ুক্ত সংঘামিত্ৰা বৰুৱাৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়াসকল । সত্ৰৰ বুঢ়া ভকতগৰাকীৰ পূৰ্বতকৈ স্বাস্থ্য কিছু উন্নত হৈছে বুলি জানিব পৰা গৈছে ।

জানিব পৰা অনুসৰি 100 বছৰ অতিক্ৰম কৰিছে পদ্মশ্ৰী গোপীৰাম বৰগায়নে । বুঢ়া ভকতগৰাকীৰ সুস্বাস্থ্যৰ কামনা কৰিছে মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰই ।

লগতে পঢ়ক:মধুপুৰ সত্ৰৰ উন্নয়নৰ বাবে ৩০ কোটি টকাৰ পৰিকল্পনা প্রস্তুত

ABOUT THE AUTHOR

...view details