অসম

assam

ETV Bharat / state

শংকৰ গুৰুজনাৰ নামত ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী বিমল বড়াৰ - Srimanta Sankardeva Award - SRIMANTA SANKARDEVA AWARD

Srimanta Sankardeva Award: শ্ৰীমন্ত শংকৰদেৱ বঁটা সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰ মন্ত্ৰী বিমল বড়াৰ । শুকুৰবাৰে সংবাদমেলযোগে বঁটাসমূহত ৰাজনীতি নকৰিবলৈ আহ্বান জনাই কংগ্ৰেছকো সমালোচনা কৰে মন্ত্ৰী বড়াই । লগতে গুৰু দুজনা তথা তেওঁলোকৰ শিষ্য-প্ৰশিষ্যসকলৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত খতিয়ান দাঙি ধৰে বিমল বড়াই ।

Minister Bimal Bora urges Jagdish Bhuyan not to do politics over Sankardeva
শংকৰ গুৰুজনাৰ নামত ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী বিমল বড়াৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 7:51 PM IST

গুৱাহাটী,২৩ আগষ্ট:প্ৰখ্যাত শাস্ত্ৰীয় নৃত্যশিল্পী তথা পদ্ম বঁটা বিজয়ী সোণাল মানসিঙলৈ আগবঢ়োৱা হৈছে ২০২৩ বর্ষৰ শ্ৰীমন্ত শংকৰদেৱ বঁটা । শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা সন্দৰ্ভত শুকুৰবাৰে দিছপুৰত মন্ত্ৰী বিমল বড়াই সম্বোধন কৰে এখন গুৰুত্বপূৰ্ণ সংবাদ মেল । উক্ত সংবাদমেলতে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই বঁটাটিক লৈ কৰা কেতবোৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে বড়াই ।

শংকৰ গুৰুজনাৰ নামত ৰাজনীতি নকৰিবলৈ আহ্বান মন্ত্ৰী বিমল বড়াৰ (ETV Bharat Assam)

ভূঞাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দি মন্ত্ৰীগৰাকীয়ে কয়,"কেবিনেটত হোৱা সিদ্ধান্ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ কৰিছিল । তাৰ পৰৱৰ্তী সময়ত যোৱা বৃহস্পতিবাৰে অসম জাতীয় পৰিষদৰ সভাপতি জগদীশ ভূঞাই এই বঁটা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা পৰিলক্ষিত হৈছে । আমাৰ চৰকাৰে গুৰু দুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰচাৰ আৰু প্ৰসাৰ সদায় কৰি আহিছে । সত্ৰসমূহ বেদখলকাৰীৰ পৰা মুক্ত কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে সত্ৰ আয়োগ গঠন কৰি দিছে ।"

লগতে মন্ত্ৰী বড়াই কয়,"সংবাদ মাধ্যমৰ জৰিয়তে অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাই যি প্ৰশ্ন আমাৰ চৰকাৰখনলৈ কৰিছে, সেই প্ৰশ্ন তেখেতসকলে তেওঁলোকৰ মিত্ৰজোঁটৰ দল কংগ্ৰেছৰ প্ৰতি কৰা উচিত । কাৰণ এবছৰীয়া বঁটাটো তিনিবছৰীয়া কংগ্ৰেছ চৰকাৰে কৰিছিল । তেওঁলোকে যদি পৰামৰ্শ দিয়ে আমি এই বঁটাটো পুনৰ এবছৰীয়া কৰিবলৈ মুখ্যমন্ত্ৰীৰ লগতে কেবিনেটত আলোচনা কৰিম ।"

ইফালে, এখন বিশেষ উচ্চস্তৰীয় সমিতিৰ দ্বাৰা অসমৰ লগতে ভাৰতৰ প্ৰায় ২১ টা স্থান চিনাক্ত কৰা হৈছে, যিসমূহ স্থানলৈ গুৰু দুজনা গৈছিল বা পৰিভ্ৰমণ কৰিছিল । এই স্থানসমূহক লোকচক্ষুৰ সন্মুখলৈ আনিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উক্ত সংবাদমেলযোগে জনাই মন্ত্ৰী বিমল বৰাই ।

ইফালে বঁটাটি প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়,"এই বঁটা ১৯৮৬ চনৰ পৰা অসম চৰকাৰে প্ৰৱৰ্তন কৰিছিল আৰু ২০০৭ চনলৈকে প্ৰতিবছৰে একো একোজন স্বনামধন্য ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰা ব্যক্তিক এই বঁটা প্ৰদান কৰা হৈছিল । কিন্তু ২০০৮ চনৰ পাছত সেই সময়ৰ চৰকাৰে বঁটাটো ৩ বছৰীয়া কৰিছিল আৰু সেই অনুসৰি ২০২৩ বর্ষৰ বাবে এই বঁটা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।"

লগতে পঢ়ক:নৃত্যগুৰু সোণাল মানসিঙৰ উপৰিও কোনে কোনে আজি পৰ্যন্ত লাভ কৰিছে শ্ৰীমন্ত শংকৰদেৱ বঁটা ? - SONAL MANSINGH SRIMANTA SANKARDEVA

ABOUT THE AUTHOR

...view details