অসম

assam

ETV Bharat / state

সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীত উপস্থিত অতুল বৰা

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সদায় সুকীয়া সুকীয়া মন্তব্য কৰে । কংগ্ৰেছ এটা সময়ত মানুহে নকৰা হ’ব । সোমবাৰে মৰিগাঁৱৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী অনুষ্ঠানত উপস্থিত হৈ কংগ্ৰেছ দল সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ।

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 8:56 PM IST

maharjat-jayanti-mahotsav-of-all-assam-junior-agricultural-officers-association-in-morigaon
অতুল বৰাৰ মন্তব্য

অতুল বৰাৰ মন্তব্য

মৰিগাঁও, 29 জানুৱাৰী : ‘ৰাজ্যৰ কৃষি বিভাগত যথেষ্ট পদ খালী আছে । কাৰিকৰি অসুবিধাৰ বাবে আমি নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব পৰা নাই । শীঘ্ৰেই মুকলি হ’ব কৃষি বিভাগৰ নিযুক্তি প্ৰক্ৰিয়া’- সোমবাৰে মৰিগাঁৱত উপস্থিত হৈ এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ । দেশৰ জনসংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি তাহানিতেই পাঞ্জাৱ, হাৰিয়ানা আদি ৰাজ্যৰ চৰকাৰে খাদ্য শস্যৰ মোকাবিলা কৰিবলৈ বিভিন্ন ৰাসায়নিক সাৰ প্ৰয়োগ কৰি উৎপাদন বৃদ্ধি কৰিছিল । কিন্তু সেই ৰাজ্যবোৰৰ তুলনাত আজিও অসমৰ ভূমি উৰ্বৰা হৈ আছে । গতিকে ৰাইজে খেতি কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে । চৰকাৰীভাৱে সকলো ধৰণৰ কৃষি সঁজুলি যোগান ধৰা হৈছে বুলি তেওঁ মন্তব্য আগবঢ়ায় ।

সোমবাৰে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীৰ অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে মন্ত্ৰী অতুল বৰাই ৷ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কৃষকসকলক বিভিন্ন আঁচনিৰ যোগান ধৰি কৃষকৰ উৎপাদন বৃদ্ধি কৰিবলৈ প্ৰয়াস চলোৱাৰ কথা তেওঁ উল্লেখ কৰে । কেতিয়াবা অসমৰ ৰাইজে ভাবিছিল নে অসমৰ শাক-পাচলি বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত বিক্ৰী কৰিব পৰা হ’ব বুলি মন্তব্য কৰি তেওঁ অসমৰ মানুহৰ মাজত কৃষি ক্ষেত্ৰৰ কথা বৰ্ণনা কৰে । সেয়েহে সকলো কৃষককে মাটি চন পেলাই নথবলৈ আহবান জনাই মন্ত্ৰীগৰাকীয়ে ।

সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তীৰ সোমবাৰে মুকলি সভা অনুষ্ঠিত হয় । মুকলি সভাত পৌৰহিত্য কৰে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সভাপতি বুদ্ধ কুমাৰ নাথে । স্মৃতিগ্ৰন্থ "কংখাই" উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভানেত্ৰী মৃণালিনী দেৱীয়ে । এই স্মৃতিগ্ৰন্থখন সকলোকে অধ্যয়ন কৰিবলৈ আহ্বান জনাই তেওঁ । মুখ্য অতিথিৰূপে অংশ গ্ৰহণ কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাই । অনুষ্ঠানটোৰ আঁতধৰে আদৰণি সমিতিৰ সম্পাদক দিব্যজ্যোতি হাজৰিকাই ।

আনহাতে এই মুকলি সভা উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে । এই মুকলি সভাত অংশগ্ৰহণ কৰে ক্ৰমে সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ সাধাৰণ সম্পাদক গোপাল হাজৰিকা, মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মা, প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰতাপ হাজৰিকা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক প্ৰতাপ হাজৰিকাৰ প্ৰমুখ্যে কৃষি বিভাগৰ কেইবাগৰাকী উচ্চপদস্থ বিষয়াই ।

ইয়াৰ উপৰিও সোমবাৰৰ মুকলি সভাত সহস্ৰাধিক কৃষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি মুকলি সভাখন সাফল্য মণ্ডিত কৰি তোলে । উল্লেখ্য যে, এই মুকলি সভা উদ্বোধন কৰি দিয়া ভাষণত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে কৃষিমন্ত্ৰী অতুল বৰাক মৰিগাঁও জিলাত অধিক জলসিঞ্চনৰ সুব্যৱস্থা কৰিবলৈ আহ্বান জনাই ।

লগতে পঢ়ক :সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ মহাৰজত জয়ন্তী মহোৎসৱ

ABOUT THE AUTHOR

...view details