গুৱাহাটী, 15 আগষ্ট:বুধবাৰে উন্মোচন কৰা হয় "মিনিমাম ফ্ল’ৰ প্ৰাইচ অৱ টি- দ্য অনলি ৱে টু মেক দ্য টি প্লেনটেচন ছাচটেইনেবল" শীৰ্ষক এখন নতুন গ্ৰন্থ ৷ মহানগৰীৰ তাজ বাই ভিভান্তাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ধুনছেৰী গ্ৰুপৰ অধ্যক্ষ তথা গ্ৰন্থখনৰ লেখক চন্দ্ৰ কুমাৰ ধনুকাই গ্ৰন্থখনৰ বিশেষত্ব সম্পৰ্কে মতামত প্ৰকাশ কৰে ৷
ধনুকাই উক্ত অনুষ্ঠানত গ্ৰন্থখনৰ সন্দৰ্ভত মতামত প্ৰকাশ কৰি উল্লেখ কৰে, "বৰ্তমান চাহ উদ্যোগত বছৰি প্ৰায় ৫২% বজাৰ দখল কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৭০২ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰাৰ বিপৰীতে বৃহৎ চাহ খেতিয়কসকলে বজাৰৰ প্ৰায় ৪৮% অংশ দখল কৰা উৎপাদকসকলে প্ৰায় ৬৪৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে ৷ প্ৰায় ৩০ লাখ লোকক জীৱিকা প্ৰদান কৰা চাহ উদ্যোগৰ অংশীদাৰসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ বিপৰীতে মধ্যভোগীসকলে এই সংখ্যাৰ ৫% তকৈও কম লোকক নিয়োগ কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কাৰ্যকালৰ সময়ত কৃষিজাত সামগ্ৰীৰ মুঠ ব্যয়ৰ ওপৰত ৫০% মাৰ্জিনৰ উল্লেখ কৰিছিল যদিও সেয়া বৰ্তমানৰ সময়লৈকে কাৰ্যকৰী হোৱা নাই ৷ যাৰ ফলত চাহ খেতিয়কসকলে উৎপাদন খৰচ বহন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে ৷ চাহখণ্ডত কম মূল্য আৰু কীট-পতংগৰ ভয়ংকৰ আক্ৰমণৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ উৎপাদক উভয়ৰে বৃহৎ লোকচান হোৱাৰ লগতে দৰিদ্ৰ কৃষকৰ নূন্যতম জীৱন-ধাৰণৰ ক্ষমতাও বিপন্ন হৈ পৰিছে" ৷