গুৱাহাটী, ১ ছেপ্টেম্বৰ: গুৱাহাটীত আজিৰে পৰা মহঙা হ'ল গাখীৰ, আনহাতে ৰাজ্যজুৰি হ্ৰাস পালে সুৰাৰ দাম । গাখীৰৰ দামৰ ক্ষেত্ৰত প্ৰতি লিটাৰত তিনিটকাকৈ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুগ্ধ ব্যৱসায়ীসকলে ৷ ইফালে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে পূৰ্বে প্ৰকাশ কৰা এক জাননী অনুসৰি আজি অৰ্থাৎ ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত সুৰাৰ মূল্যৰ ক্ষেত্ৰত ব্যাপক হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গাখীৰ আৰু সুৰাৰ দাম বৃদ্ধি আৰু হ্ৰাসৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷
প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি গাখীৰৰ মূল্য:
গুৱাহাটী মহানগৰীত দেওবাৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম তিনি টকাকৈ বৃদ্ধি পায় । সেই হিচাপত প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা দাম হ'ল ৬৭ টকা । পূৰ্বতে গাখীৰৰ খুচুৰা দাম আছিল ৬৪ টকা । তিনি টকা বৃদ্ধিৰ পিছত পাইকাৰী দাম হ’ল প্ৰতি লিটাৰত ৬৪.৪০ টকা । পূৰ্বতে পাইকাৰী দাম ৬১.৪০ টকা । বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ।
গো-পালক সন্থাই কিমান বৃদ্ধি কৰিছে গাখীৰৰ মূল্য ?
বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্মণ শৰ্মাই জনোৱা মতে, বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ দাম ২.৬০ টকাকৈ বৃদ্ধি কৰিছে আৰু যিটো ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে । সেই অনুসৰি দেওবাৰৰ পৰা গাখীৰৰ খুচুৰা দাম প্ৰতি লিটাৰত ৬৭ টকা হ'ব আৰু পাইকাৰী দাম হ'ব ৬৪.৪০ টকা ।