মৰাণ, ১৯ আগষ্ট :কলকতাৰ অভয়াকাণ্ডৰ উত্তেজনা মাৰ নৌযাওতেই শনিবাৰে নিশা ডিব্ৰুগড়ত সংঘটিত হয় তেনে এক অনুৰূপ ঘটনা ৷ ডিব্ৰুগড় চহৰত এগৰাকী মহিলাক অপকৰ্ম কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে দুই যুৱকৰ বিৰুদ্ধে । ডিব্ৰুগড়ৰ মিলন নগৰত সংঘটিত হৈছে এই অঘটনটো ।
ভুক্তভোগীয়ে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে সন্ধিয়া এখন দোকানত কৰ্মৰত মহিলাগৰাকীয়ে নিজ কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে গৈ আছিল ৷ কিন্তু তেনে সময়তে দুই যুৱকে মহিলাগৰাকীক আগচি ধৰি তেওঁৰ শৰীৰৰ ভিন্ন স্থানত স্পৰ্শ কৰে ৷ আনকি দুই যুৱকে মহিলাগৰাকীক হাতত ধৰি অন্ধকাৰ ৰাস্তাৰ ফালে টানি নিবলৈ চেষ্টা কৰে ৷ কিন্তু কথমপি মহিলাগৰাকীয়ে নিজকে দুই যুৱকৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷
শনিবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনা সন্দৰ্ভত ভুক্তভোগী মহিলাগৰাকীয়ে দেওবাৰে সন্ধিয়াহে মিলন নগৰ আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতে দুই অভিযুক্তক আৰক্ষীয়ে দেওবাৰে ৰাতি সোধ-পোছৰ বাবে আটক কৰি থানালৈ লৈ আনে । কিন্তু আৰক্ষীয়ে এই সম্পৰ্কত সংবাদ মাধ্যমক কোনো তথ্য জানিবলৈ দিয়া নাই ।