অসম

assam

ETV Bharat / state

৬২ খন দেশ অতিক্ৰম কৰি ইণ্ডোনেছিয়াত মীনাক্ষি - BIKE RIDER MEENAKSHI DAS

নিজৰ মটৰ চাইকেলখনেৰে মীনাক্ষি দাসে অকলশৰে অতিক্ৰম কৰিছে ৬২ খন দেশ । ইতিমধ্যে ৬২ খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি অদম্য সাহস প্ৰদৰ্শন কৰিছে মীনাক্ষিয়ে ।

Meenakshi Das arrives in Indonesia today on a bike ride
৬২ খন দেশ অতিক্ৰম কৰি ইন্দোনেছিয়াত মীনাক্ষি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 19, 2024, 5:52 PM IST

গুৱাহাটীৰ: "বহু দেশৰ অৰঙে-দৰঙে মই ঘূৰিছোঁ । কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলত নতুবা পাহাৰতলীত খন্তেক জিৰাইছো । তাৰ পিছত আকৌ আৰম্ভ কৰিছো নতুন যাত্ৰা ।"

সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ এই কবিতা ফাঁকিকে যেন সাৰোগত কৰি বহু দেশৰ প্ৰান্তে-প্ৰান্তে ঘূৰি ফুৰা এগৰাকী অসমীয়া মহিলা মীনাক্ষি দাস । নিজৰ মটৰ চাইকেলখনেৰে মীনাক্ষি দাসে অকলশৰে ইতিমধ্যে ৬২ খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি নিজৰ অদম্য সাহস প্ৰদৰ্শন কৰিছে ।

৬২ খন দেশ অতিক্ৰম কৰি ইণ্ডোনেছিয়াত মীনাক্ষি (ETV Bharat Assam)

দুঃসাহসিক ক্ৰীড়াৰ জৰিয়তে দেশ দেশান্তৰত স্বদেশ-স্বজাতিৰ পৰিচয় দি ফুৰা মীনাক্ষি দাসৰ আজি জন্মদিন । নিজৰ ওপজা দিনটোতো আত্মীয় স্বজনৰ পৰা বহু দূৰত অকলশৰে মটৰ চাইকেলখনেৰে তেওঁ গৈ আছে ইণ্ডোনেছিয়া অভিমুখে । ওপজা দিনত মীনাক্ষি দাসৰ এই অবিৰত যাত্ৰাৰ সবিশেষ বিৱৰি কলে তেওঁৰ স্বামী তথা ফিটনেচ ট্ৰেইনাৰ বেদান্ত ৰাজখোৱাই ।

তেওঁ কয়,"বহুদিনীয়া সপোন এটা পূৰণ হ'বলৈ গৈছে মীনাক্ষিৰ । আজি জন্মদিনৰ দিনটোত শুভেচ্ছা জনোৱাৰ লগতে তাইক লৈ গৌৰৱান্বিত অনুভৱ কৰিছো । আৰ্থিক সমস্যাকে ধৰি বিভিন্ন ঘাত-প্ৰতিঘাতৰ মাজেৰে ৬১ খন ৰাষ্ট্ৰ বাইকেৰে অতিক্ৰম কৰি ৬২ নম্বৰ ৰাষ্ট্ৰত আজি উপস্থিত হৈছে । এই যাত্ৰাত প্ৰবাসী ভাৰতীয়ৰ লগতে ৰাইডিং কমিউনিটিয়ে সহায় সহযোগিতা আগবঢ়াইছে ।"

তেওঁ লগতে কয়,"মালয়েছিয়াৰ পৰা ইণ্ডোনেছিয়াত আজি উপস্থিত হৈছে মীনাক্ষি । ইণ্ডোনেছিয়াৰ পৰা পুনৰ মালয়েছিয়ালৈ উভতি আহি ছিংগাপুৰলৈ যাত্ৰা কৰিব । ছিংগাপুৰতে তেখেতৰ এই যাত্ৰা সামৰণি পৰিব । বিগত বৰ্ষৰ ১৮ ডিচেম্বৰত গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰা মীনাক্ষিয়ে বাইকেৰে ৬৭ খন ৰাষ্ট্ৰ ভ্ৰমণৰ লক্ষ্য লৈছিল যদিও ইৰাণ, ম্যানমাৰকে ধৰি মুঠ ৪ খন দেশৰ ভিচা নোপোৱাৰ বাবে ৬৩ দেশত এই যাত্ৰা সামৰিব লাগিব ।"

ৰাজখোৱাই লগতে জনাই,"ভাৰত, নেপাল, ৰাছিয়া, কাজাখিস্তান, চীন, লাউচ, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ডকে ধৰি ৬১ খন ৰাষ্ট্ৰ অতিক্ৰম কৰিছে । আজি ৬২ নম্বৰ ৰাষ্ট্ৰত উপস্থিত হৈছে । ৬৩ খন ৰাষ্ট্ৰ ভ্ৰমণ কৰি ৫ ডিচেম্বৰত তেওঁ ভাৰতত উপস্থিত হ'ব । ৫-৭ ডিচেম্বৰত গোৱাত অনুষ্ঠিত হবলগীয়া ইণ্ডিয়া বাইক উইকত অতিথি হিচাপে অংশগ্ৰহণ কৰিব । ২০ বা ২১ ডিচেম্বৰত অসম পাবহি । শ্ৰীৰামপুৰ গেটত তেখেতক আদৰণি জনোৱা হ'ব ।"

প্ৰবল ইচ্ছাশক্তি, অদম্য সাহস আৰু হেপাহ থাকিলে অসাধ্যকো সাধন কৰিব পাৰে । গুৱাহাটীৰ মীনাক্ষি দাস তাৰে এক নিদৰ্শন । মটৰ চাইকেলেৰে পৃথিৱী জয় কৰিব বিচৰা এনে উচ্চাকাংক্ষাৰে ৬১ খন দেশ অতিক্ৰম কৰি ইণ্ডোনেছিয়াত উপস্থিত হৈছে মীনাক্ষি দাস ।

লগতে পঢ়ক:মটৰচাইকেলেৰে‌ লেহ-লাডাখ ভ্ৰমণ লাভলীনা বৰগোঁহাইৰ - Lovlina Borgohain visits Ladakh

Awareness about Environmental Protection:সৰুপথাৰৰ পৰা লাডাখলৈ বাইকেৰে যাত্ৰা এজন যুৱকৰ

ABOUT THE AUTHOR

...view details