অসম

assam

ETV Bharat / state

মে-ডাম-মে-ফিতে ঐতিহাসিক হাবুঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প - ME DAM ME PHI 2025

উপৰিপুৰুষ আৰু প্ৰকৃতিৰ দেৱতাক সন্তুষ্ট কৰাৰ বাবেই এই পূজা আগবঢ়োৱা হয় । নৈবদ্য হিচাপে আগবঢ়োৱা কুকুৰাক গণ্য কৰা হয় মূল নৈবদ্য হিচাপে ।

Me Dum Me Phi celebrated in Dhemaji and Sivasagar
মে-ডাম-মে-ফিতে ঐতিহাসিক হাবুঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 4:38 PM IST

ধেমাজি/শিৱসাগৰ: টাই আহোমসকলৰ পৰম্পৰাগত পবিত্ৰ মে-ডাম-মে-ফি উপলক্ষে শুক্ৰবাৰে জনগোষ্ঠীটোৰ লোকসকলৰ পূৰ্ব পুৰুষকলক স্মৰণ কৰাৰ লগতে বিশ্বত শান্তি প্ৰতিষ্ঠা কামনা কৰি যথা নীতি নিয়ম মতে কুকুৰা আৰু কুকুৰা কণী, পৰম্পৰাগত পানীয় আদি নৈবদ্য হিচাপে আৰাধ্য দেৱতালৈ আগবঢ়াই উপাসনা কৰা হয় । মে মানে তৰ্পণ, ডাম মানে মৃতক আৰু ফি মানে আত্মা । ৰাজ্যৰ বিভিন্ন প্ৰান্তত আহোমসকলে শুক্ৰবাৰে পালন কৰে মে-ডাম-মে-ফি ।

ঐতিহাসিক হাবু্ঙত পাঁচদিনীয়া কাৰ্যসূচীৰে মে-ডাম-মে-ফি:

মে-ডাম-মে-ফিতে ঐতিহাসিক হাবুঙক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ সংকল্প (ETV Bharat Assam)

সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো স্বৰ্গদেউ চাও লুং চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হিচাপে পৰিচিত ঐতিহাসিক হাবুঙত টাই আহোমসকলে পূৰ্ব-পুৰুষসকলক স্মৰণ কৰি বিশ্বত শান্তি প্ৰতিষ্ঠা কামনা কৰাৰ উদ্দেশ্যৰে পাঁচদিনীয়াকৈ পৱিত্ৰ মেডাম মেফি পালন কৰা হয় । পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, পূজাৰে আৰম্ভণ কৰা হয় মে-ডাম-মে-ফিৰ কাৰ্যসূচী ।

ধেমাজিৰ ঐতিহাসিক হাবুঙৰ হাবুং উন্নয়ন ও পৰিচালনা সমিতি কাৰ্যকৰী সভাপতি উমেশ চেতিয়া আৰু আটাছুৰ হাবুং, বাটঘৰীয়া, বেঙেনাগড়াকে আদি কৰি তেৰখনকৈ আঞ্চলিক সমিতিৰ সভাপতিসকলৰ দ্বাৰা পতাকা উত্তোলনৰে আৰম্ভ হয় মে-ডাম-মে-ফিৰ কাৰ্যসূচী । বন্তি প্ৰজ্বলনৰ পিছতে প্ৰদৰ্শনীৰ দ্বাৰ উদঘাটন কৰে টাই পণ্ডিত পুস্প গগৈয়ে । তাৰ পিছতে আগবঢ়োৱা হয় পৰম্পৰাগত পূজা-অৰ্চনা ।

মূল অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে বিভিন্ন ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক প্ৰতিযোগিতা তথা আলোচনা চক্ৰৰ আয়োজন কৰে । এইক্ষেত্ৰত হাবুং উন্নয়ন পৰিচালনা সমিতিৰ সম্পাদক বাবুল বুঢ়াগোঁহায়ে কয়, “হাবুংখন বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সক্ষম হ’ব লাগিব ৷ স্বৰ্গদেউসকলক শ্ৰদ্ধা-ভক্তি কৰাৰ উদ্দেশ্য এই বিস্তৃত কাৰ্যসূচী লৈছো । খেলা-ধূলা-সাহিত্য আৰু সাংস্কৃতিক সকলো দিশতে হাবুংখন সক্ষম হৈ উঠিব লাগিব ।"

তলাতল ঘৰৰ বাকৰিত কেন্দ্ৰীয়ভাৱে আয়োজন মে-ডাম-মে-ফি :

অসমৰ অন্যান্য স্থানৰ উপৰি গৌৰৱময় আহোম ৰাজত্বৰ ৰাজধানী ৰংপুৰ আৰু বৰ্তমানৰ শিৱসাগৰ জিলাতো আহোম জনগোষ্ঠীয় লোকসকলে আজি পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি পালন কৰে । পৰম্পৰাগত ধৰ্মীয় আৰাধনা অক্ষুন্ন ৰাখি শিৱসাগৰৰ ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত কেন্দ্ৰীয়ভাবে আয়োজন কৰা মে-ডাম-মে-ফিৰ পুৱা ফুৰালুং আৰু বান ফি পূজা সম্পন্ন হয় ।

উপৰিপুৰুষ আৰু প্ৰকৃতিৰ দেৱতাক সন্তুষ্ট কৰাৰ বাবেই এই পূজা আগবঢ়োৱা হয় । নৈবদ্য হিচাপে আগবঢ়োৱা কুকুৰাক মূল নৈবদ্য হিচাপে গণ্য কৰা হয় । আহোম জনগোষ্ঠীয় লোকসকলে কুকুৰাক নিজে উপাৰ্জন কৰা পক্ষী হিচাপে বিশ্বাস কৰে । ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আয়োজিত মে-ডাম-মে-ফিৰ পৰম্পৰাগত পূজাৰ উপৰিও দিনজোৰাকৈ অন্যান্য কাৰ্যসূচীৰো আয়োজন কৰা হয় ।

মে-ডাম-মে-ফিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এজন উদ্যোক্তাই কয়, "ঐতিহাসিক তলাতল ঘৰৰ বাকৰিত আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজ একত্ৰিত হৈ কেন্দ্ৰীয়ভাৱে মে-ডাম-মে-ফি আয়োজন কৰি আহিছো । এইবাৰো পতাকা উত্তোলনেৰে প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে । যাতে সকলো শান্তি-সম্প্ৰীতিৰে থাকিব পাৰো তাৰ বাবে পূৰ্বপুৰুষৰ পৰা আশীৰ্বাদ বিচাৰো ।"

লগতে পঢ়ক:মৃত্যুৰ পাছত আত্মীয়-কুটুম্বে কিয় মে-ডাম-মে-ফিত পূৰ্বপুৰুষক সেৱা আগবঢ়ায় ? - ME DAM ME PHI 2025

আহোমৰ স্মৃতিস্বৰূপ ৰাজকাৰেং সংৰক্ষণৰ আহ্বান যোৰহাটবাসীৰ - AHOM RAJKARENG RESERVATION

ABOUT THE AUTHOR

...view details