অসম

assam

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 5:03 PM IST

ETV Bharat / state

আকাশবাণীৰ শীৰ্ষ পদত তেজপুৰৰ কন্যা মৌচুমী চক্ৰৱৰ্তী

AIR DG Maushami Chakraborty : ৰাজ্যবাসীলৈ আশাব্যঞ্জক খবৰ- আকাশবাণীৰ শীৰ্ষ পদত তেজপুৰৰ কন্যা মৌচুমী চক্ৰৱৰ্তী ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি আকাশবাণীৰ বাতৰি বিভাগৰ সঞ্চালক প্ৰধান পদত ৷

maushami-chakraborty-from-assam-appointed-as-new-dg-of-all-india-radio
মৌচুমী চক্ৰৱৰ্তী

তেজপুৰ, ১৯ মাৰ্চ :দেশৰ চৌদিশে সম্প্ৰতি নাৰী বন্দনা অব্যাহত থকাৰ মাজতে এইবাৰ তেজপুৰৰ আন এগৰাকী কন্যাই আকাশবাণীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে । আকাশবাণীৰ সৰ্বোচ্চ পদত অধিষ্ঠিত হৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী ব্যক্তি হিচাপে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা এইগৰাকী ব্যক্তি হৈছে মৌচুমী চক্ৰৱৰ্তী ৷ তেওঁৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ তেজপুৰবাসী ।

আকাশবাণীৰ শীৰ্ষ পদত তেজপুৰৰ কন্যা মৌচুমী চক্ৰৱৰ্তী

কি পদত নিযুক্তি : আই আই এছ অৰ্থাৎ ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া তেজপুৰ চহৰৰ লক্ষীধৰ শৰ্মা পথ অৰ্থাৎ তাহানিৰ গাৰোৱান পট্টী নিবাসী ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বেটচৰ এম বি বি এছ ডিগ্ৰীধাৰী ডা৹ কামাখ্যা চক্ৰৱৰ্তীৰ কন্যা মৌচুমী চক্ৰৱৰ্তী অধিষ্ঠিত হ’ল আকাশবাণী বাতৰি বিভাগৰ ডি জি অৰ্থাৎ সঞ্চালকপ্ৰধান পদত । উল্লেখ্য যে, ছাত্ৰী অৱস্থাৰ পৰাই মেধাৰ পৰিচয় দি শৈক্ষিক অৰ্থাৎ বিদ্যায়তনিক উৎকৰ্ষতাৰ পৰিচয় দি অহা মৌচুমী চক্ৰৱৰ্তী ১৯৯১ চনত আই আই এছ সেৱাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচত দীঘলীয়া সময় ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ শীৰ্ষ পদত অধিষ্ঠিত হৈ সেৱা আগবঢ়াই আছে ৷ কালি দেশৰ নিৰ্বাচন ঘোষণাৰ দিনটোতে মন্ত্ৰণালয়ৰ অৱৰ সচিব হৰকেশ কুমাৰৰ পৰা লাভ কৰা নিৰ্দেশনাত সঞ্চালকপ্ৰধানৰ শীৰ্ষ পদত অধিষ্ঠিত হোৱাৰ সুযোগ পাই চক্ৰৱৰ্তীয়ে ।

কোন এই মৌচুমী চক্ৰৱৰ্তী :উল্লেখ্য যে তেজপুৰৰ ছেইন্ট যোচেফ কনভেন্ট বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা সমাপ্ত কৰি ১৯৮১-৮৩ চনত কটন মহাবিদ্যালয়ৰ পৰা প্ৰাক বিশ্ববিদ্যালয় পৰীক্ষাত উত্তীৰ্ণ হৈছিল মৌচুমী চক্ৰৱৰ্তী ৷ পুনৰ তেজপুৰলৈ আহি ১৯৮৫ চনত দৰং মহাবিদ্যালয়ত পৰিসংখ্যা বিজ্ঞান বিভাগত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে তেওঁ ৷ পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু এম ফিল ডিগ্ৰী লাভ কৰি কিছুদিনৰ বাবে নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজত অধ্যাপনাও কৰে ৷ অধ্যাপনা কৰি থকাৰ মাজতে ১৯৯১ চনত আই আই এছ পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁ ।

তেতিয়াৰে পৰা ভাৰতীয় তথ্য সেৱাৰ অধীনস্থ বিভিন্ন শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰি সম্প্ৰতি আকাশবাণীৰ বাতৰি বিভাগৰ বাতৰি সেৱা মণ্ডলৰ বিশেষ কৰ্তব্যৰত বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । নতুন পদত অধিষ্ঠিত হৈ অহা মাহত তেজপুৰৰ ঘৰলৈ অহাৰ কথা জানিবলৈ পৰা গৈছে । সম্প্ৰতি পিতৃ ডা৹ কামাখ্যা চক্ৰৱৰ্তীও কন্যাৰ সৈতে তেজপুৰৰ বাসগৃহলৈ আহিবলৈ উৎসুক হৈ আছে বুলি জানিব পৰা গৈছে । আনহাতে দৰং মহাবিদ্যালয়ৰ একালৰ মেধাৱী ছাত্ৰীগৰাকী এনে এক ঈৰ্ষণীয় পদত অধিষ্ঠিত হোৱাত উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষ । অধ্যক্ষ ড৹ পলাশমণি শইকীয়াই এই সংবাদে বৰ্তমানৰ শিক্ষাৰ্থীসকলক উদগনি যোগাব বুলি মন্তব্য কৰি মৌচুমী চক্ৰৱৰ্তীক অভিনন্দন জ্ঞাপন কৰে ।

লগতে পঢ়ক :তেজপুৰ বিশ্ববিদ্যালয়ত ৭টা উদ্ভাৱনীমূলক নতুন শৈক্ষিক পাঠ্যক্ৰম প্ৰৱৰ্তন

ABOUT THE AUTHOR

...view details