তিনিচুকীয়া/ডিব্ৰুগড়,১৬ আগষ্ট:অসমৰ আদিম জনগোষ্ঠীসমূহৰ ভিতৰত অন্যতম জনগোষ্ঠী হ'ল মটক জনগোষ্ঠী । এই মটক জনগোষ্ঠীৰ ৰাইজে দীৰ্ঘদিনৰ পৰা জনগোষ্ঠীটোক জনজাতিকৰণৰ স্বীকৃতি প্ৰদান কৰিবলৈ দাবী জনাই আহিছে । প্ৰতিখন চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ'ল । শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয় জনগোষ্ঠীক জনজাতি কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিও সেয়া কাৰ্যকৰী নকৰিলে । ফলত ৰাজ্যত পুনৰ আৰম্ভ হৈছে জনজাতিকৰণক লৈ প্ৰতিবাদ ।
তিনিচুকীয়াত মটক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিবাদ:
শুকুৰবাৰে মটক জনগোষ্ঠীৰ কেউটা সংগঠনে একত্রিত হৈ তিনিচুকীয়াৰ থানা চাৰিআলিত মটক জনগোষ্ঠীক জনজাতিকৰণৰ লগতে আন কেইবাটাও দাবীত যৌথভাবে ৰূপায়ণ কৰে ৩ ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক মহিলা পৰিষদে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।
১১ টা দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ:
এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পৰৱৰ্তী সময়ত ১১ টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ দাবীসমূহ ক্ৰমে-
- মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ সংবিধানিক স্বীকৃতি প্রদান কৰা ৷
- মটক জনগোষ্ঠীক পূর্ণ স্বায়ত্ত শাসন প্রদানেৰে এখন পূর্ণাংগ মটক স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা ৷
- অত্যাধুনিক বিজ্ঞান-প্রযুক্তিৰে তথা বিজ্ঞানসন্মতভাৱে প্রতিবছৰে অসমত সৃষ্টি হোৱা ভয়াবহ কৃত্রিম বানপানী সমস্যাৰ স্থায়ী সমাধান কৰা ৷
- অসমত যাতে এজনো হিন্দু অথবা মুছলমান বাংলাদেশী অনুপ্রবেশকাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰে ৷
- তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে তাৎক্ষণিকভাবে যাবতীয় ব্যৱস্থা গ্রহণ কৰা ৷
- অসম চৰকাৰৰ অধীনস্থ নিকায় নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্রাধিকাৰ দিয়া ৷
- মটক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস ২৪ মে' তাৰিখটো স্থায়ীভাৱে ৰাজ্যিক বন্ধদিন হিচাপে ঘোষণা কৰা ৷
- মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল খেলৰ শিতানত প্ৰতি বছৰে ৫০,০০,০০০/- (পঞ্চাশ লাখ) টকা ধাৰ্য কৰা ৷
- ডিব্ৰুগড়-যোৰহাট সংলগ্ন ৩৭ নং জৰাজীৰ্ণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সমাপন কৰিবলৈ যাৱতীয় ব্যবস্থা গ্ৰহণৰ বাৰে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰা ৷
- অসমত ছানি ধৰা মাৰাত্মক ড্ৰাগছৰ পয়োভৰ (বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত) অতি শীঘ্রে নির্মূল কৰণার্থে যাবতীয় বিহিত ব্যৱস্থা গ্রহণ কৰি উঠি অহা নৰ-প্ৰজন্মক সম্ভাব্য ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা ৷
- বি, ফার্ম (B. Pharm) পাঠ্যক্রমত মটক জনগোষ্ঠীৰ শিক্ষার্থীৰ বাবে যথোপযুক্ত আসন সংৰক্ষণ কৰা ৷
- মটক জনগোষ্ঠীৰ ঐতিহাসিক কীর্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন কৰাৰ লগতে বেদখলমুক্ত কৰা ৷