গুৱাহাটী, 15 জুলাই:আৰক্ষীৰ পৰিচয় লৈ ৰাজ্যত একাংশইসহজ ধন উপাৰ্জনৰ লক্ষ্য বান্ধি লৈছে ৷ এই ঘটনা খোদ গুৱাহাটী মহানগৰীৰ ৷ জানিব পৰা মতে, এই অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে এজন সেনা জোৱানৰ পত্নীও ৷
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, এগৰাকী মডেল আৰু এজন সেনা জোৱানৰ পত্নীৰ নেতৃত্বত 10-12 জনীয়া দল এটাই দীর্ঘদিন ধৰি ব্লেকমেইলিঙৰ জৰিয়তে লাখ লাখ টকা সংগ্ৰহ কৰি আছিল । এই চক্ৰটোত আছে ভুৱা আৰক্ষীৰ দল, সাংবাদিকৰ দল আদি ৷ আটাইবোৰ লগ হৈ কোনো ব্যক্তিক হানী ট্ৰেপিঙৰ জালত ফচাই অশ্লীল ভিডিঅ’ প্রস্তুত কৰি ব্লেকমেইলিঙৰ জৰিয়তে ধন ঘটি আহিছিল ।
মডেল যুৱতীগৰাকীয়ে ৰাস্তাই-ঘাটে একাংশ সম্ভ্রান্ত পৰিয়ালৰ লোকৰ লগত চিনাকি হৈ বন্ধুত্ব গঢ়ি বাৰলৈ যায় বুলি আৰক্ষীৰ সূত্ৰই জনায় । বাৰত সুৰাপান কৰি মডেলগৰাকীয়ে অচিনাকি লোকজনক তেওঁলোকৰ ছয়মাইলৰ ভাৰা ঘৰলৈ লৈ যায় । ভাৰাঘৰত মডেলগৰাকীয়ে অচিনাকি বন্ধুজনৰ সৈতে অনৈতিক কার্যত লিপ্ত হয় আৰু ঠিক তেতিয়াই পূৰ্বৰ পৰিকল্পনা অনুসৰি অপৰাধ শাখাৰ এচিপিৰ নেতৃত্বত আৰক্ষীৰ দল আৰু সাংবাদিকৰ দল ভাৰাঘৰটোত নাটকীয়াভাৱে প্রৱেশ কৰি সমগ্ৰ দৃশ্য কেমেৰাত আৱদ্ধ কৰে ।
কেমেৰাত আপত্তিজনক মুহূৰ্ত আৱদ্ধ কৰাৰ পাচতে আৰক্ষীৰ দলটোৱে অনৈতিক কার্যত লিপ্ত থকা মডেল আৰু ব্যক্তিজনক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দিয়াৰ চলেৰে লোকজনৰ লগত দৰ-দাম কৰে আৰু বিচৰা ধন আদায় দিয়াৰ পিচতে চক্রটোৱে লোকজনক মুকলি কৰি দিয়ে ।