গুৱাহাটী,১৬ অক্টোবৰ: তুলসীৰ তলে মৃগ পহু চৰে তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে... ৷ কাইলৈ কাতি বিহু । ৰাজ্যজুৰি কৃষিপ্ৰধান উৎসৱ কাতি বিহুৰ আয়োজন চলিছে । দিনে দিনে সংকুচিত হৈ অহা কাতি বিহুক লৈ কংক্ৰিটৰ মহানগৰী গুৱাহাটীতো চলিছে ব্যাপক প্ৰস্তুতি । কংক্ৰিটৰ মহানগৰীত এক বিশেষ স্থানত গাঁৱলীয়া পৰিৱেশত উদযাপন কৰা হ'ব কাতি বিহু । উদ্দেশ্যে এটাই- নৱপ্ৰজন্মক কাতি বিহুৰ পৰম্পৰাৰ লগত চিনাকী কৰাই দিয়া ।
সেই উদ্দেশ্যে প্ৰতীকী আৰ্হিত ধাননি পথাৰৰ লগতে গ্ৰাম্য জীৱনকো প্ৰতীকী ৰূপত সজাই তোলা হৈছে । অসমৰ গ্ৰামাঞ্চলত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সামগ্ৰী, কৃষিকৰ্মত ব্যৱহৃত সজুলি নাঙল-জুৱলি, জাপি, মৈৰ লগতে অসমীয়া গ্ৰাম্য জীৱনত ব্যৱহৃত সজুলি জাল, জাকৈ, খালৈ, পল',চেপা আদি প্ৰদৰ্শনৰ দিহা কৰা হৈছে । উদ্যোক্তাসকলে জনোৱা অনুসৰি, নৱপ্ৰজন্মক কাতি বিহুৰ লগত চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হৈছে কাতি বিহু ।
বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিয়ে বিগত তিনি বছৰ ধৰি কাতি বিহুৰ আয়োজন কৰি আহিছে । এইবাৰ বৃহত্তৰ গুৱাহাটী বিহু সমন্বয় সমিতিৰ উদ্যোগত আৰু খাৰঘুলি বিহু সন্মিলনৰ সহযোগত কাতি বিহুটি খাৰঘুলি বিহুতলীত বৃহস্পতিবাৰে উদযাপন কৰা হ'ব । দিনৰ ভাগত প্ৰাৰ্থনা প্ৰতিযোগিতা আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।