অসম

assam

ETV Bharat / state

অৰুণাচল প্ৰদেশত ভয়ংকৰ ভূমিস্খলন, টাৱাং সংযোগী পথত যান-বাহন আৱদ্ধ - Landslide in Arunachal pradesh - LANDSLIDE IN ARUNACHAL PRADESH

West Kameng landslide: অৰুণাচলৰ নাগ মন্দিৰৰ সমীপৰ কাস্পিত নেৰানেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ।

West Kameng Landslide
অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী পথত ভূমিস্খলন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 5, 2024, 7:48 PM IST

তেজপুৰ, ৫অক্টোবৰ : অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া ৰাজ্যখনৰ বিভিন্ন স্থানত ভূমিস্খলন হৈছে ৷ যোৱা শুক্ৰবাৰে নিশাও অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙত ভয়াৱহ ভূমিস্খলন হোৱাত গুৰুত্বপূৰ্ণ পথেৰে যাতায়াত সম্পূৰ্ণ ব্যাহত হৈ পৰিছে ৷

উল্লেখ্য় যে অসমৰ শোণিতপুৰ জিলাৰ বালিপৰা, চৰিদুৱাৰ তথা অৰুণাচল প্ৰদেশৰ টাৱাং সংযোগী পথৰ নাগ মন্দিৰৰ সমীপৰ কাস্পি অঞ্চলত যোৱা নিশা সংঘটিত হয় ভয়াৱহ ভূমিস্খলনৰ ঘটনা ৷ পানীৰ তীব্ৰ সোঁতত পাহাৰৰ শিল-মাটি খহি পৰাৰ ফলত গুৰুত্বপূৰ্ণ পথটোৰে যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈছে ৷ ফলত শনিবাৰে বিয়লি পৰ্যন্ত এই পথৰ দুয়োপাৰে শতাধিক যান-বাহন আৱদ্ধ হৈ আছে ।

এই সম্পৰ্কে স্থানীয় লোকে উল্লেখ কৰি কয়," শুক্ৰবাৰে মাজনিশা এই ভয়াৱহ ভূমিস্খলন সংঘটিত হৈছে । এই অঞ্চলত যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈছে । ইতিমধ্যে এই পথটোত খহি পৰা শিল আৰু মাটি পৰিষ্কাৰ কৰি যাতায়ত আৰম্ভ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই কাম কৰি আছে যদিও বৰ্তমানেও ইয়াত অব্যাহত বৰষুণৰ বাবে এই কামত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৷ "

উল্লেখ্য় যে এই পথছোৱা ভাৰত-চীন আন্তঃৰাষ্ট্ৰীয় সীমান্ত সংযোগী বাবে সীমান্তত নিয়োজিত দেশৰ সুৰক্ষা বাহিনী সমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈ আহিছে । টাৱাং সংযোগী বালিপৰা-চাৰিদুৱাৰ-টাৱাং পথটো ভাৰত-চীন সীমান্তলৈ যোৱা বিভিন্ন সুৰক্ষা বাহিনী আৰু সেনা বাহিনীৰ অতি গুৰুত্বপূৰ্ণ পথ । টাৱাঙলৈ যাবলৈ ওৰাঙৰ পৰা চেৰগাঁও-কালেকতং-ৰূপা সংযোগী পথ যাতায়তৰ বাবে বৰ্তমানে ব্যৱহাৰ কৰি থকা হৈছে ।

লগতে পঢ়ক:উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলন; ৫ গৰাকী লোকৰ মৃত্যু - Landslide On Kedarnath Route

ভূমিস্খলনৰ তাণ্ডৱ : কুৰ্মে জিলাৰ কলিয়াং-ছালিত বিধ্বস্ত বি আৰ টি এফৰ পথ - Landslide In Arunachal Pradesh

ABOUT THE AUTHOR

...view details