যোৰহাট :যোৰহাটৰ বৰহোলাৰ অ' এন জি চিৰ জি জি এছত (গ্ৰুপ গেদাৰিং ষ্টেচন) মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । এই অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হয় এজন বিষয়া । বৰ্তমান অগ্নি নিৰ্বাপণৰ প্ৰচেষ্টা অব্যাহত আছে ।
যোৰহাটৰ বৰহোলাৰ শিলডুবিস্থিত অ' এন জি চিৰ জি জি এছত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । ঘটনাৰ বিৱৰণী অনুসৰি, মঙলবাৰে বিয়লি যোৰহাটৰ শিলডুবিস্থিত অ' এন জি চিৰ জি জি এছত হঠাতে জুইৰ সূত্ৰপাত হয় । ফলত নিমিষতে জুয়ে গ্ৰাস কৰে জি জি এছৰ সমগ্ৰ এলেকা । জুইৰ লেনিহান শিখা ইমানেই দ্ৰুত আছিল যে তৎক্ষণাত বিস্তৃত এলেকা জুয়ে আৱৰি ধৰে । ফলত জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে অন্য স্থানৰ পৰাও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি ঘটনাস্থলীত উপস্থিত হৈ বহু প্ৰচেষ্টাৰ পাছত অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয় ৷
উল্লেখ্য যে অ' এন জি চিৰ জি জি এছত সংঘটিত এই অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে জুইৰ শিখা আৰু ধোঁৱা বহু দূৰৈৰ পৰা প্ৰত্যক্ষ কৰিব পৰা গৈছে । ইয়াৰ পৰা এই কথা স্পষ্ট হৈছে যে কিমান ভয়াৱহ ৰূপত সংঘটিত হৈছে এই অগ্নিকাণ্ড ।
আনহাতে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ৰাহুল দত্ত নামৰ এজন বিষয়াই অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুক আঁকোৱালি ল'বলগা হয় । ৰাহুল দত্তৰ ঘৰ কলকাতাত বুলি অ’ এন জি চি শীৰ্ষ বিষয়াই জানিবলৈ দিয়ে । ইতিমধ্যে উক্ত স্থানত অ' এন জি চিৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ লগতে জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত হৈছে ।
কিন্তু উক্ত অগ্নিকাণ্ডৰ কিদৰে সূত্ৰপাত হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই । লগতে সমগ্ৰ অঞ্চলটো বৰ্তমান প্ৰশাসনৰ তীক্ষ্ণ নজৰত ৰাখিছে আৰু কিদৰে এই জুই নিৰ্বাপিত কৰিব পৰা যায় এই বিষয়ে আলোচনাত মিলিত হোৱা বুলি এক বিশেষ সূত্ৰে খবৰ পোৱা গৈছে । ইফালে এই অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ আতঙ্কৰ সৃষ্টি কৰিছে ।
১০-১২ বছৰ পূৰ্বেও সংঘটিত হৈছিল অনুৰূপ ঘটনা
ইফালে অ' এন জি চিৰ জি জি এছসমূহ আধুনিকীকৰণ নকৰাৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উঠিছে । এই অভিযোগ অসম জাতীয়বাদী যুৱ-ছাত্র পৰিষদৰ ।
আনহাতে, এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ তথ্য অ' এন জি চিৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই লুকুৱাই ৰখাৰো অভিযোগ উঠিছে । কিয়নো এই বিষয়ে সাংবাদিক তথা দল-সংগঠনক একে জানিবলৈ দিয়া নাই । লগতে সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰা হৈছে ।