গোলাঘাট, ২১ আগষ্ট : বানৰ পাছত এইবাৰ প্ৰৱল খহনীয়াৰ গৰাহত পৰিছে গোলাঘাট জিলাৰ একাংশ অঞ্চল । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰৰ গাতে লাগি থকা খুমটাই সমষ্টিৰ অন্তৰ্গত শালমাৰা ধনশিৰি গাঁৱত সৃষ্টি হৈছে ভয়াৱহ খহনীয়া । যাৰ ফলত এতিয়া উজাগৰে নিশা অতিবাহিত কৰিবলগীয়া হৈছে ১৬ টাকৈ পৰিয়ালে । ইয়াৰে তিনিটা পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত তেওঁলোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ।
ধনশিৰি নদীৰ খহনীয়াৰ কবলত ১৬টা পৰিয়াল
এই খহনীয়াৰ কবলত পৰা এগৰাকী ভুক্তভোগী মহিলাই কয়, "অঞ্চলতটোত ১৬ টা পৰিয়াল এই ধনশিৰি নদীৰ খহনীয়াৰ কবলত পৰিছে । তাৰে তিনিটা পৰিয়ালৰ লোকৰ অৱস্থা বিপজ্জনক । খহনীয়াৰ ফলত ঘৰ মাটি নদীৰ বুকুত জাহ যোৱাত এতিয়া মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । নিশা হ'লেই সন্তানৰ সৈতে উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ উপৰি অহা-যোৱা কৰা একমাত্ৰ পথচোৱা এতিয়া নদীৰ বুকুত জাহ যোৱা বাবে লোকৰ ভেটিৰ ওপৰেদি যাতায়ত কৰিবলগীয়া হৈছে ।"
আন এগৰাকী মহিলাই নিজৰ অসহায় অৱস্থাৰ বিষয়ে উল্লেখ কৰি কয়, "আমি দিন হাজিৰা কৰা মানুহ, সদায় ঘৰত বহি থাকিলে পেটৰ ভাত মুঠি কেনেকৈ যোগাৰ কৰিম ? ইমান অসুবিধাৰ মাজতো আমি এনেকৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে ।" এই অসহায় লোকসকলে তেওঁলোকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ বাবে ভূমি আৱণ্টন দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।