তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ : তিনিচুকীয়া জিলাৰ মামৰণী জাতীয় বিদ্যালয়ত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰিছে ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী । বিদ্য়ালয়খনৰ ছাত্ৰাবাসৰ ৪৫ গৰাকীৰ আৱাসীৰ ভিতৰত ১৩ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে বুলি জনিব পৰা গৈছে ।
বিদ্যালয়খনৰ প্ৰধান শিক্ষকে সদৰী কৰা অনুসৰি ছাত্ৰ-ছাত্ৰীৰ আৱাসত পুৱাৰ ভাগত আহাৰ গ্ৰহণ পাচতে তেওঁলোক বিষক্ৰিয়া হৈ অসুস্থ হৈ পৰে । কালিও একে ধৰণৰ খাদ্য় আৱাসীসকলক দিয়া হৈছিল । সোমবাৰে এই খাদ্য় খোৱাৰ পিচত কোনোধৰণৰ সমস্য়াৰ সৃষ্টি হোৱা নাছিল ।
- অসুস্থক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি :
ছাত্ৰ-ছাত্ৰীকেইগৰাকী অসুস্থ হোৱাৰ পাচত ততাতৈয়াকৈ তেওঁলোকক মাকুমস্থিত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । আৱাসৰ সকলো ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱা নাই যদিও সকলোকে লৈ অনা হৈছে চিকিৎসালয়লৈ ৷ খাদ্য বিষক্ৰিয়া হোৱাৰ সবিশেষ কাৰণ জানিবলৈ পৰা হোৱা নাই ৷ কিন্তু নিশা আৰু পুৱাৰ অহাৰত মাছ আৰু খৰিচা টেঙা খোৱা বুলি প্ৰধান শিক্ষকগৰাকীয়ে কয় ৷ সেই আহাৰ গ্ৰহণৰ ফলতেই খাদ্য বিষক্ৰিয়া হোৱা সন্দেহ প্ৰকাশ কৰিছে বিদ্যালয় খনৰ কৰ্তৃপক্ষই ।