অসম

assam

ETV Bharat / state

এন আৰ চিৰ বাবে আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ ২৭ লাখ লোকক লৈ উদ্বিগ্ন শাসক-বিৰোধী

NRC updation complexities : এন আৰ চিৰ প্ৰসংগয়ো স্থান পালে এইবাৰৰ বিধানসভাত ৷ এন আৰ চি উন্নীতকৰণৰ কিছু জটিলতাৰ বাবে আধাৰ কার্ড উলিয়াব নোৱৰা আৰু থাকিও ব্যৱহাৰ কৰিব নোৱাৰাৰ সমস্যাক লৈ বিধানসভাত উদ্বেগ প্ৰকাশ কৰে শাসক-বিৰোধী উভয়ে ।

By ETV Bharat Assamese Team

Published : Feb 12, 2024, 5:07 PM IST

Some complications of NRC
এন আৰ চিৰ প্ৰসংগয়ো স্থান পালে এইবাৰৰ বিধানসভাত

গুৱাহাটী, ১২ ফেব্ৰুৱাৰী :বিধানসভাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চিৰ প্ৰসংগ ৷ এন আৰ চি উন্নীতকৰণ বিষয়ক জটিলতাৰ বাবে আধাৰ কার্ড উলিয়াব নোৱৰা আৰু থাকিও ব্যৱহাৰ কৰিব নোৱাৰা প্ৰায় ২৭ লাখ লোকৰ সমস্যাক লৈ সোমবাৰে বিধানসভাত শাসক-বিৰোধী উভয়ে উদ্বেগ প্ৰকাশ কৰে ।

বিধানসভাত কংগ্ৰেছৰ বিধায়ক কমালাক্ষ দে’ পুৰকায়স্থই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ বিষয়ক জটিলতাৰ বাবে আধাৰ কার্ডৰ প্ৰায় ২৭ লাখ লোকৰ সমস্যাক লৈ সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এই সমস্যাটো সমাধান কৰাৰ বাবে অসম চৰকাৰে কাম কৰি আছে ।

এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত মৌখিকভাৱে আলোচনা কৰি থকা হৈছে । লগতে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে । শৰ্মাই কয় যে আধাৰ কাৰ্ডৰ বিষয়টো আদালতৰ বিবেচনাধীন হৈ থকা হেতুকে চৰকাৰে ইচ্ছা থাকিও একো কৰিব পৰা নাই ।

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ বিষয়ক জটিলতাৰ বাবে আধাৰ কার্ডৰ প্ৰায় ২৭ লাখ লোকৰ বায়’মেট্ৰিক (Biomectirc) সংগ্ৰহ কৰাৰ নিৰ্দেশ দিছিল । লগতে ২০১৯ চনৰ ১৩ নৱেম্বৰত উচ্চতম ন্যায়ালয়ে ইয়াৰ তথ্য সংৰক্ষণৰ নিৰ্দেশ দিছিল ।

যিসকলৰ নাম আধাৰ কাৰ্ডত সোমাব পৰি তাৰ বাবে কাম কৰাৰ বাবে নিৰ্দেশ দিছিল । আকৌ যিসকলক দিব নোৱাৰি বিদেশী ন্যায়ধীকৰণত শুনানী নোহোৱা পৰ্যন্ত তেওঁলোকৰ নাম আধাৰ কাৰ্ডত‌ সুমাব নালাগে বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল ।

মুখ্যমন্ত্ৰীয়ে কয় ৰাজ্য চৰকাৰে সকলো তথ্য কেন্দ্ৰীয় চৰকাৰৰ লৈ প্ৰেৰণ কৰিছে । বিষয়টো এতিয়াও কেন্দ্ৰীয় চৰকাৰৰ বিচাৰাধীন হৈ আছে । যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো জাননী জাৰি নকৰে তেতিয়ালৈকে ৰাজ্য চৰকাৰে একো কৰিব নোৱাৰে । তেওঁ কয়, ‘‘অসম চৰকাৰৰ আঁচনি লাভ কৰাৰ ক্ষেত্ৰত এই ২৭ লাখ মানুহৰ কোনো অসুবিধা নাই ।‌ কিন্তু কেন্দ্ৰীয় চৰকাৰৰ আচঁনিৰ ক্ষেত্ৰত অসুবিধা আছে’’ ।

উল্লেখ্য যে, বিধানসভাত কংগ্ৰেছৰ বিধায়ক কমালাক্ষ দে’ পুৰকায়স্থই একাংশ ৰাম ভক্তই আধাৰ কাৰ্ড নোপোৱা বুলি কৰাৰ প্ৰশ্নকলৈ সদনত হুলস্থূল সৃষ্টি হয় । একাংশ‌ এ আই ইউ ডি এফৰ বিধায়কে এয়া সাম্প্ৰদায়িক প্ৰশ্ন বুলি অভিযোগ কৰে । ইপিনে মুখ্যমন্ত্ৰীয়ে ৰসিকতাৰে উত্তৰ দি কয় যে ৰাম ভক্তসকলে সোনকালেই এই সুবিধা পাব । ৰাম ভক্তসকলে এই সুবিধা পালে যাতে পুৰকায়স্থৰ‌ কাষত থকা লোকসকলে যাতে ভৱিষ্যতে হুলস্থূল নকৰে তাৰ‌ বাবে মুখ্যমন্ত্ৰীয়ে আহ্বান কৰে ।

লগতে পঢ়ক :ৰাজনৈতিক মুনাফা আদায়ৰ বাবে মুখ্যমন্ত্ৰীয়ে NRC ৰ কথা কৈছে: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details