গুৱাহাটী, ১৮ জুন :ৰাজ্যত বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ-বৰাকৰ উপৰি বিভিন্ন উপনৈৰ জলস্তৰ বৃদ্ধি পাইছে । যাৰ বাবে ৰাজ্যৰ ১৪ খন জিলা বানৰ কবলত পৰিছে ।
বিভিন্ন ঠাইত খহনীয়া অব্যাহত আছে ৷ কেইবা ঠাইতো বাঢ়নি পানীয়ে মথাউৰি যিকোনো মুহূর্ততে ছিঙি নিয়াৰ উপক্ৰম হৈছে । কামপুৰত কপিলী নৈৰ জলস্তৰ বৃদ্ধি হোৱাত জিলা প্রশাসনে মাইকযোগে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে ।
বতৰ বিজ্ঞান বিভাগে ৰাজ্যত পুনৰ বৰষুণৰ আগজাননী দিয়াত বান পৰিস্থিতি অনাগত সময়ত অধিক শোচনীয় হৈ পৰাৰ আশংকা কৰা হৈছে । ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য অনুসৰি, কামপুৰত কপিলী নৈ বিপদসীমাৰ ওপৰেৰে বৈ আছে ।
লগতে পঢ়ক :বানৰ কবলত ৰাজ্যৰ দহখন জিলা, কালৰূপী বানত বৰ্তমানলৈ শিশুসহ ১৮ জনৰ মৃত্যু - ASSAM FLOOD 2024
- ৩০৯খন গাঁৱৰ ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে
ৰাজ্যিক দুর্যোগ প্রশমন কর্তৃপক্ষৰ তথ্য মতে, চলিত বানত ৩০৯ খন গাঁৱৰ ১.০৫ লাখ লোক ক্ষতিগ্রস্ত হৈছে । বন্যাক্রান্ত জিলাকেইখন হ’ল-
- তামুলপুৰ,
- বঙাইগাঁও,
- কৰিমগঞ্জ,
- লখিমপুৰ,
- ওদালগুৰি,
- দৰং,
- ধেমাজি,
- নগাঁও,
- হোজাই,
- চিৰাং,
- বৰপেটা,
- বাক্সা,
- নলবাৰী আৰু
- গোৱালপাৰা ।
সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে কৰিমগঞ্জ জিলা । কৰিমগঞ্জ জিলাত ১৯২ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে । আনহাতে বঙাইগাঁও জিলাত ৫৯ খন, নগাঁৱত ১১ খন, তামুলপুৰ জিলাত ১৩ খন, হোজাই জিলাত ৯ খন সৰ্বাধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে ।