শিৱসাগৰ, 19 মে’ : অসমৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ফুলা বাঁহ ফুলক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । বহু বছৰৰ মূৰত ফুলা বাঁহফুলক লৈ ৰাইজৰ মাজত আছে বিভিন্ন অমংগলীয়া চিন্তা তথা জনবিশ্বাস প্ৰচলিত । যাৰ বাবে অসমীয়া সমাজত বাঁহফুলক লৈ বহু অন্ধবিশ্বাস আৰু সাম্ভাব্য অনিষ্টৰ ধাৰণা আজি একবিংশ শতিকাতো আছে ।
শোণিতপুৰ আৰু দৰং জিলাৰ পাচত এইবাৰ শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলত বাঁহ ফুল ফুলা পৰিলক্ষিত হৈছে । এইদৰে ফুলা বাঁহ ফুলক লৈ ৰাইজ যাতে অযথা আতংকিত নহয় তাৰ বাবে শিৱসাগৰ জিলা কৃষি বিভাগে কেতবোৰ তৎপৰতা প্ৰদৰ্শন কৰিছে ।
সাধাৰণতে এজোপা বাঁহ গছে ফুল ফুলিবৰ বাবে চল্লিশৰ পৰা ষাঠি বছৰ পৰ্যন্ত সময় লয় । সেয়েহে বাঁহ ফুলাৰ পৰিঘটনা সহজলভ্য নহয় । যাৰ বাবে বাঁহ ফুলক লৈ ৰাইজৰ মাজত এক মনস্তাত্বিক প্ৰভাৱ থাকে । ইয়াৰ লগতে বাঁহ ফুলৰ গুটি এন্দুৰৰ এক পছন্দৰ খাদ্য হোৱাৰ লগতে এই গুটি ভক্ষণৰ ফলত এন্দুৰ জাতীয় শস্যভোগী প্ৰাণীৰ ব্যাপক বংশবৃদ্ধি হয় বুলি ধাৰণা কৰা হয় ।
বাঁহ ফুলাৰ অন্তত যেতিয়া এন্দুৰ জাতীয় প্ৰাণীৰ বাবে সহজলভ্য খাদ্যৰ অৱসান ঘটে তেতিয়া এন্দুৰৰ লক্ষ্য হৈ পৰে খেতিপথাৰ আৰু শস্যৰ ভঁৰাল ৷ শস্যৰ ওপৰত এন্দুৰৰ এনে আকস্মিক আক্ৰমণৰ ফলত দেখা দিব পাৰে আকাল আৰু দুৰ্ভিক্ষৰ । ইয়াৰ সমান্তৰালভাৱে এন্দুৰ জাতীয় প্ৰাণীৰ হঠাৎ হোৱা বংশ বৃদ্ধিৰ বাবে উক্ত প্ৰাণীসমূহৰ পৰা সংক্ৰমিত হ'ব পৰা ৰোগে মহামাৰীৰ ৰূপো ধাৰণ কৰিব পাৰে । এইসমূহ কাৰকৰ বাবে বাঁহ ফুল চহা ৰাইজৰ বাবে অমংগলীয়া আৰু সংকটৰ আগমণ বুলি ধাৰণা কৰা হয় ।