গোলাঘাট, 31 জানুৱাৰী: ‘‘মই মানস বৰগোহাঁইক চিনি নাপাওঁ আৰু মোৰ লগত কোনো তেনেকুৱা যোগাযোগ নাই । মই ২০১২ চনত ইঞ্জিনিয়াৰিং পাছ কৰি তাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত বহু কেইটা বহুজাতিক কোম্পানীত কাম কৰি আছো বৰ্তমান পৰ্যন্ত ৷ আৰক্ষীয়েই হওক বা আলফাই হওক মোৰ লগত কাৰো কোনো সম্পৰ্ক নাই ।’’ এই মন্তব্য আগবঢ়াইছে শেহতীয়াকৈ আলফা স্বাধীনে প্ৰকাশ কৰা ভিডিঅ’ত চৰ্চিত হৈ থকা মানস চলিহা নামৰ যুৱকজনে ৷
তেওঁ লগতে কয়, ‘‘২০১২ চনৰ পৰা মই প্ৰায়েই কৰ্মসূত্ৰে অসমৰ বাহিৰতে আছিলো । মানস বৰগোহাঁয়ে দাবী কৰা মতে মই এছ বিৰ জ’নেল হেড, বা RAW ৰ অফিচাৰ ৷ এই কথা সম্পূৰ্ণ ভিত্তিহীন । ২০২১ পৰা ২০২৩ লৈকে মই কৰ্মৰ বাবে অসমৰ বাহিৰত মেঘালয়, অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়াত কৰ্মৰত হৈ আছিলোঁ ৷ যোৱা এবছৰে মিজোৰামৰ আইজলত চৰকাৰৰ সৈতে কাম কৰি আছিলোঁ । এতিয়া মই সেই কাম এৰি নিজাকৈ ব্যৱসায় কৰাৰ বাবে পৰিকল্পনা কৰিছোঁ ৷’’
মানস চলিহা নামৰ যুৱকজনে অভিযোগ কৰে যে আলফা স্বাধীনৰ দ্বাৰা প্ৰকাশিত ভিডিঅ’টোৰ পিচৰ পৰাই তেওঁ দুঃচিন্তা আৰু নিৰাপত্তাহীনতাত ভুগিছে ৷ তেওঁৰ লগতে পৰিয়ালৰ লোকো চিন্তাক্লিষ্ট হৈ পৰা বুলি উল্লেখ কৰে যুৱকজনে ৷
‘‘মানস বৰগোহাঁয়ে ভিত্তিহীন বক্তব্য আগবঢ়োৱাৰ বাবে এতিয়া মোৰ আৰু মোৰ পৰিয়ালৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে । যদি মানস বৰগোহাঁয়ে তেখেতৰ লগত থকা সময়চোৱাত কোনো ফটো বা তথ্য দিব পাৰে, তেনেহলে মই সামাজিক ভাৱে মৃত্যুবৰণ কৰিম ।’’ চহিলাই কয় ৷
আলফাই প্ৰকাশ কৰা ফটোত থকা গাড়ীখন তেওঁৰেই আছিল বুলি মন্তব্য কৰি মানস চলিহাই কয় যে 2022 বৰ্ষতে তেওঁ সেই গাড়ীখন বিক্ৰী কৰিছিল চচলৰ এম ডি মটৰৰ্ছক বিক্ৰী কৰিছিল ৷ এই ফটো প্ৰচাৰ হোৱাৰ পিচতে তেওঁ এম ডি মটৰ্ছত খবৰ কৰে গাড়ীৰ গৰাকীৰ নাম সলনিৰ তথ্য বিচাৰি ৷ কিন্তু যিজন মানুহে গাড়ীখন কিনিছিল তেওঁ সম্পূৰ্ণ ধন আদায় দিব নোৱৰাৰ বাবে নাম সলনি হোৱা নাই বুলি গাড়ী ক্ৰয় কৰা কোম্পানীটোৱে জনোৱা বুলি মানস চলিহাই কয় ৷