গুৱাহাটী, 2 ফেব্ৰুৱাৰী :মানস চলিহা ওৰফে ঘোঁৰাই আলফা স্বাধীনৰ নেতাক প্ৰলোভিত কৰিবলৈ অসমীয়া যুৱতীক যৌন শিক্ষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰে - এই গুৰুতৰ অভিযোগ উত্থাপিত হৈছে বিতৰ্কিত আৰু বহুৰূপী বুলি পৰিচয় লাভ কৰা মানস চলিহাৰ বিৰুদ্ধে ৷ ম্যানমাৰৰ আলফা শিবিৰৰ পৰা সংবাদ মাধ্যমলৈ বন্দী মানস বৰগোঁহাইৰ তৃতীয়টো ভিডিঅ’ প্ৰেৰণ কৰিছে সংগঠনটোৱে ৷
আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ আলফালৈ যুৱক-যুৱতীক প্ৰশিক্ষণ দি পঠিওৱাৰ অভিযোগত অভিযুক্ত মানস চলিহাৰ বিৰুদ্ধে এই তৃতীয়টো ভিডিঅ’ত এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বন্দী মানস বৰগোঁহায়ে ৷
“যিজন মানুহে মোক আলফা স্বাধীনৰ শিবিৰলৈ পঠিয়াইছিল, সেইজন মানস চলিহাই মোক চিনি নাপাওঁ বুলি কৈছে ৷ মানস চলিহাই এয়া মিছা মাতিছে”- শেহতীয়াকৈ আন এক ভিডিঅ’ যোগে দাবী কৰিছে ম্যানমাৰৰ শিবিৰত বন্দী মানস বৰগোঁহায়ে ৷
মানস চলিহাক বন্দী মানস বৰগোঁহায়ে কেনেকৈ চিনি পায় সেই কথাও ভিডিঅ’টোত উল্লেখ কৰিছে মানস বৰগোঁহায়ে ৷ নিজৰ প্ৰেমিকাৰ জৰিয়তে মানস চলিহাক চিনি পাইছিল বুলি মানস বৰগোঁহায়ে ভিডিঅ’টোত কয় ৷ ভাষ্য অনুসৰি মানস চলিহাৰ প্ৰেমিকা আৰু মানস বৰগোঁহাইৰ প্ৰেমিকা দুয়ো বান্ধৱী আছিল ৷