বাক্সা, ২৫ জানুৱাৰী :বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মানাহ ফেষ্টিভেলৰ আৰম্ভণি ৷ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰত বৃহস্পতিবাৰৰে পৰা ৭ দিনীয়াকৈ প্ৰথমবাৰৰ বাবে আৰম্ভ হয় মানাহ ফেষ্টিভেল । আজি প্ৰথমদিনৰ কাৰ্যসূচীত মানাহ ফেষ্টিভেল পৰিচালনা সমিতিৰ সভাপতি সুভাষ তিৰ্কীয়ে পতাকা উত্তোলন কৰাৰ পিচতে শ্বহীদ তৰ্পন কৰে সম্পাদক প্ৰাঞ্জল ডেকাই ।
শ্বহীদ তৰ্পনৰ পিচতেই ফেষ্টিভেলৰ মুখ্যদ্বাৰ উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাসে । আনহাতে বিটিআৰ টুৰিজিম ষ্ট'ল উদ্বোধন কৰে বিটিআৰৰ পৰ্যটন বিভাগৰ চিএইচডি জয়ন্ত শৰ্মাই । মানাহ ফেষ্টিভেলত বিভিন্ন ধৰণৰ জনগোষ্ঠীয় বিপণিও থাকিব ৷ এই জনগোষ্ঠীয় বিপণি উদ্বোধন কৰে ভাৰতৰ পৰ্যটন বিভাগৰ সহকাৰী মহানিৰ্দেশক বি বি মুখাৰ্জীয়ে । ইয়াৰ সমান্তৰালকৈ মানাহ ফেষ্টিভেল উপলক্ষে আজি এক সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয় । শোভাযাত্ৰা বহু সংখ্যক লোকে অংশগ্ৰহণ কৰে ৷