গুৱাহাটী, 2 ফেব্ৰুৱাৰী :যি কোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে মানস চলিহা ৷ 2022 চনত মানস চলিহাৰ বিৰুদ্ধে থকা এক প্ৰৱঞ্চনাৰ গোচৰৰ ফাইল খুলিছে মহানগৰ আৰক্ষীয়ে ৷ ফলত যিকোনো মুহূৰ্ততে মানস চলিহা গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে ৷
অভিযোগ অনুসৰি প্ৰদীপ কুমাৰ মেধি নামৰ এগৰাকী ব্যৱসায়ীৰ পৰা 8 লাখ টকা লুটিছিল মানসে ৷ ভুক্তভোগী প্ৰদীপ মেধিয়ে 1361/22 নম্বৰত দিছপুৰ থানাত এই সন্দৰ্ভত মানস চলিহাৰ বিৰুদ্ধে ৰুজু কৰিছিল প্ৰৱঞ্চনাৰ গোচৰ ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ বিবৃত্তি সংগ্ৰহ কৰিছে দিছপুৰ আৰক্ষীৰ ৷ কিন্তু তদন্ত প্ৰক্ৰিয়াত অভিযুক্ত মানসে সহযোগ নকৰাৰ কথা উল্লেখ কৰিছে দিছপুৰ আৰক্ষীয়ে ৷
জানিব পৰা মতে জনৈক প্ৰদীপ কুমাৰ মেধি নামৰ লোকজনে ব্যৱসায় কৰাৰ ইচ্ছাৰে চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ লয় ৷ তেনে সময়ত ফেচবুক যোগে মানস চলিহাৰ সৈতে চিনাকি হয় প্ৰদীপ কুমাৰ মেধি ৷ মানস চলিহাই আলু ব্যৱসায়ৰ প্ৰলোভন দিয়ে মেধিক ৷ প্ৰলোভনত পৰি প্ৰদীপ কুমাৰ মেধিয়ে ব্যৱসায়ৰ বাবে 8.5 লাখ টকা মানস চলিহাক দিয়ে ৷ কিন্তু টকা পোৱাৰ পাছতেই মানস চলিহাই মেধিক প্ৰৱঞ্চনা কৰে ৷