অসম

assam

ETV Bharat / state

কেঁচা চাহপাতৰ ক’লা ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ বাগিচাৰ পৰিচালক - Nirmala tea estate - NIRMALA TEA ESTATE

Black raw tea leaves market: সেউজীয়া কেঁচাপাতৰ ৰমৰমীয়া ক’লা বেহা চলাই ৰঙাঘৰৰ আলহী হ'ল নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী ৷ কেবাটাও ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে পৰিচালকগৰাকীক ৷

manager of Nirmala tea estate arrested on charges of raw tea leaves black marketing
কেঁচা চাহপাতৰ ক’লা ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ বাগিছাৰ পৰিচালক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 8:44 PM IST

বিশ্বনাথ, 7 জুলাই: মুনাফা লাভৰ আশাত সেউজীয়া কেঁচা চাহপাতৰ ক’লা ব্যৱসায়ত নামি ৰঙাঘৰৰ আলহী হ'ল চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰী । অভিযোগ অনুসৰি, গহপুৰৰ নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰীয়ে প্ৰায় 3.5 কোটি টকা জালিয়তি আৰু প্ৰৱঞ্চনাৰে আত্মসাৎ কৰিছে ৷ নিৰ্মলা চাহ বাগিচাৰ স্বত্বাধিকাৰীৰ অভিযোগৰ ভিত্তিত অভিযুক্ত পৰিচালকগৰাকীৰ লগতে তেওঁৰ ভাতৃক হেলেম আৰক্ষীয়ে দেওবাৰে আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে ।

কেঁচা চাহপাতৰ ক’লা ব্যৱসায় চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ বাগিছাৰ পৰিচালক (ETV Bharat Assam)

অভিযোগ অনুসৰি, নিউ মানস টি এষ্টেটছ প্ৰাইভেট লিমিটেড কোম্পানীৰ অন্তৰ্গত গহপুৰস্থিত নিৰ্মলা চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰীয়ে 2019-2024 ৰ এই সময়চোৱাৰ ভিতৰত বাগিচাৰ শ্ৰমিকৰ চিকিৎসাৰ বাবদ ধন, শ্ৰমিকৰ উন্নয়নমূলক শিতানৰ বাবদ ধন, বাগিচাৰ পুঁজিৰ অপব্যৱহাৰ, আৰ্থিক ক্ষতি ইত্যাদিৰ দৰে আৰ্থিক অপৰাধমূলক কাৰ্যকলাপ সংঘটিত হৈছে ৷ ইয়াৰোপৰি, বাগিচাখনত প্ৰস্তুত হোৱা চাহপাত চুৰিৰ লগত জড়িত হোৱাৰ উপৰিও বাগিচাখনৰ প্ৰায় 3.5 কোটি প্ৰৱঞ্চনা আৰু জালিয়তিৰে আত্মসাৎ কৰাৰ অভিযোগ তুলি বাগিচাৰ স্বত্বাধিকাৰীয়ে হেলেম আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত হেলেম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে পংকজ তিৱাৰীক ।

প্ৰৱঞ্চনাৰে আত্মসাৎ কৰা ধন পংকজ তিৱাৰীয়ে পত্নী প্ৰজ্ঞা তিৱাৰী আৰু ভাতৃ মিথিলেশ তিৱাৰীৰ বেংক একাউন্টত জমা ৰখা তথা প্ৰৱঞ্চনাত জড়িত হৈ থকা বুলি এজাহাৰখনত উল্লেখ কৰিছিল বাগিচাৰ স্বত্বাধিকাৰীয়ে । এই এজাহাৰৰ ভিত্তিত হেলেম আৰক্ষীয়ে মূল অভিযুক্ত পংকজ তিৱাৰীৰ বিৰুদ্ধে হেলেম থানাত 46/2024 ত গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 120 B, 171E, 379,406, 420, 468, 471 ধাৰাত গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে চাহ বাগিচাৰ পৰিচালক পংকজ তিৱাৰীক ৷

ABOUT THE AUTHOR

...view details