তিনিচুকীয়া : আনৰ প্ৰাণ বচাবলৈ গৈ এতিয়া নিজেই নিখোঁজ । জীয়াই আছেনে নাই তাতো সন্দেহ । দেওবাৰে তিনিচুকীয়াৰ দিনজান ঘাটত সংঘটিত হৈছিল এক অতি দুখজনক ঘটনা । নাও দুৰ্ঘটনাত পতিত লোকক উদ্ধাৰ কৰিবলৈ যোৱা এজন লোকক উদ্ধাৰ কৰা লোকসকলেই অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি নৈত পেলাই দিয়ে । তাৰ পিছৰে পৰা নিখোঁজ হৈ আছে লোকজন ।
দিনজান ঘাটত সংঘটিত নাও দুৰ্ঘটনাত নিখোঁজ হৈ থকা মনোজ প্ৰায়া নামৰ লোকজনক বিচাৰি সোমবাৰেও এছ ডি আৰ এফে অভিযান অব্যাহত ৰাখে । উল্লেখ্য যে দেওবাৰে পানীতোলাৰ দিনজান ঘাটৰ ডিব্ৰু নৈত সংঘটিত হৈছিল এক নাও দুৰ্ঘটনা । উক্ত নাওখনত দিনজানৰ পৰা দধীয়ালৈ বুলি যাত্ৰা কৰিছিল ৮-১০ গৰাকী লোক । সেই সময়তেই নাৱৰ পৰা পৰি যোৱা ব্যক্তিসকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ পাৰতে থকা মনোজ প্ৰায়া নামৰ এজন লোকে নদীত জাঁপ দিয়ে ।
এতিয়াও উদ্ধাৰ হোৱা নাই সন্ধানহীন মনোজ (ETV Bharat Assam) স্থানীয় লোকে সদৰী কৰা অনুসৰি মনোজ প্ৰায়া নামৰ লোকজনে ৩ গৰাকীকৈ লোকক পানীৰ পৰা উদ্ধাৰ কৰি নাৱত উঠায় । কিন্তু পৰৱৰ্তী সময়ত মনোজ প্ৰায়া নামৰ লোকজনে নাৱত উঠিবলৈ চেষ্টা কৰাত তেওঁক উঠিবলৈ বাধা দিয়াৰ লগতে ভৰিৰে লথিয়াই পানীত পেলাই দিয়াৰ অভিযোগ উত্থাপিত হয় । ইতিমধ্যে উক্ত ঘটনাক সঁচা বুলি প্ৰমাণিত কৰি এটা ভিডিঅ' বিয়পি পৰিছে ৷
তাৰ পাছতে মনোজ প্ৰায়াক উদ্ধাৰৰ বাবে এছ ডি আৰ এফে অভিযান চলোৱাৰ সমান্তৰালভাৱে তিনিচুকীয়া আৰক্ষীও অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বাবে তৎপৰ হৈ পৰিছে । মনোজে প্ৰাণ ৰক্ষা কৰা ব্যক্তিসকলেই মনোজক নাৱত উঠিবলৈ নিদিয়া বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছত এতিয়া দিনজানত সচেতন মহল জাঙুৰ খাই উঠিছে ।
আনহাতে, দুৰ্ভগীয়া মনোজ প্ৰায়াৰ দৰিদ্ৰ পৰিয়ালটোক এককালীন আৰ্থিক সাহায্য প্ৰদান আৰু দোষীক শাস্তি বিহাৰ দাবী জনাইছে স্থানীয় ব্যক্তি তথা আটছাই ।