অসম

assam

ETV Bharat / state

ফাগুনত বিয়া পাতিবলৈ ওলোৱা অভিজিত শুই পৰিল নিষ্ঠুৰ নিয়তিৰ কোলাত - TRAGIC ROAD ACCIDENT AT MARIANI

বছৰটোৰ পহিলাতে এখন ঘৰলৈ আহিল এটা বেয়া খবৰ । পথ দুৰ্ঘটনাই কাঢ়ি নিলে এটা পৰিয়ালৰ একমাত্ৰ সন্তানক ।

Man dies in tragic road accident at Mariani in Jorhat
পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 3, 2025, 3:07 PM IST

যোৰহাট:বছৰটোৰ পহিলাতে শেষ হৈ গ'ল এটা পৰিয়ালৰ সপোন । অহা ফাগুনত হোমৰ গুৰিত বহিম বুলি পিতৃ-মাতৃক কথা দি নিষ্ঠুৰ নিয়তিৰ শীতল কোলাত শুই পৰিল এজন সুঠাম যুৱক । নৱবৰ্ষৰ আনন্দ উপভোগ কৰি ঘূৰি নাহিল অভিজিত ।

৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ পহিলা দিনটোত পথ দুৰ্ঘটনা ৰোধৰ কৰা সকল্পৰে সষ্টম আছিল পৰিবহণ বিভাগ আৰু আৰক্ষী । কিন্তু তাৰ মাজতে ৰাজ্যজুৰি সংঘটিত হ'ল কেইবাটাও পথ দুৰ্ঘটনা, ইয়াৰ ব্যতিক্ৰম নহয় যোৰহাটো । নৱবৰ্ষক আদৰাৰ আনন্দ উল্লাসৰ মাজতে যোৰহাট মৰিয়নীৰ চেলেংহাটত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱা ঘটনাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে জন্মস্থান চেলেংহাটত ।

পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এজনে (ETV Bharat Assam)

যোৰহাট মৰিয়নীৰ কুকুৰাছোৱাৰ কনকলতা মধ্য ইংৰাজী আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত বুধবাৰে মাজনিশা সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে তিনিজন যুৱক গুৰুতৰভাবে আহত হয় । টীয়ক কলিয়াপানীৰ পৰা চেলেংহাট অভিমুখে আহি থকা AS-33-A3801 নম্বৰৰ তীব্ৰ বেগী ব’লেৰ বাহনখনে এটা কেকুৰীত নিয়ন্ত্ৰন হেৰুৱাই এজোপা গছত খুন্দা মাৰে ।

ফলত দুৰ্ঘটনাত মৰিয়নী চেলেংহাট দুলীয়া গাঁৱৰ অভিজিৎ চেতিয়া নামৰ যুৱকজনৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন তিনিজন যুৱক গুৰুতৰভাৱে আহত হয় । দুৰ্ঘটনাত পতিত যুৱকৰ দলটো নৱবৰ্ষৰ আনন্দ কৰি মাজনিশা উভতিছিল ঘৰলৈ । ভয়ংকৰ দুৰ্ঘটনাটোত মৃত্যু হোৱা অভিজিত চেতিয়াৰ ফাগুনত বিবাহৰ যো-জা চলি আছিল ।

পৰিয়ালটোৰ একমাত্ৰ সন্তান আছিল অভিজিত । এই ঘটনাৰ পিছতে যুৱকজনৰ বাসগৃহৰ লগতে চেলেংহাটত শোকৰ ছাঁ পৰিছ । ইফালে জে এম চি এইচত চিকিৎসাধীন দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত তিনি যুৱকৰ ভিতৰত চালকৰ আসনত থকা ৰক্তিম গগৈৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে । ঘন কুঁৱলীৰ বাবে এই পথ দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ।

ঘটনাটো সন্দৰ্ভত এগৰাকী আত্মীয়ই শোক প্ৰকাশ কৰি কয়,"দাদাৰ একমাত্ৰ সন্তান অভিজিত । বৰ শান্ত-শিষ্ট ঠাণ্ডা ল'ৰা আছিল । পুৱা গাঁওবুঢ়া আৰু আৰক্ষীয়ে খবৰ দিয়াতহে গম পাইছোঁ । আমি সকলো ভাগি পৰিছোঁ । ফাগুনমানলৈ তেওঁৰ বিয়া-বাৰুৰ কথাও চলি আছিল । আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এনে ঘটনা আগন্তুক সময়ত কাৰো নহওঁক ।"

লগতে পঢ়ক:দুৰ্ঘটনাত পতিত KMSSৰ নেতা বিদ্যুৎ শইকীয়া; গুৰুতৰভাৱে আহত - KMSS LEADER INJURED

নৱবৰ্ষ উদযাপনৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা: দুজনৰ মৃত্যু - DIBRUGARH ROAD ACCIDENT

ABOUT THE AUTHOR

...view details