তিনিচুকীয়া, ৩১ আগষ্ট : সাৱধান ! উঠি অহা যুৱচামৰ ওপৰত অলপ নজৰ ৰাখক ৷ কিয়নো ৰাজ্যৰ পৰা নিৰ্মূল হোৱাৰ নাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বেহা ৷ একাংশ নিচাজাতীয় সামগ্ৰী সৰবৰাহকাৰী আৰু ব্যৱসায়ীয়ে উঠি অহা যুৱচামক লক্ষ্য কৰিয়েই চলাই গৈছে এই বেহা ৷
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, শুকুৰবাৰে নিশা মাকুমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিয়ান চলাই মাকুম আৰক্ষীয়ে দুখন বিলাসী বাহনৰ পৰা উদ্ধাৰ কৰে লাখ লাখ টকাৰ সন্দেহজনক হেৰ’ইন ৷ লগতে আৰক্ষীয়ে নগদ কেবাজাহাৰ টকাসহ তিনিজন যুৱকক আটক কৰে ৷
- তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ ভাষ্য মতে -
এক বিশেষ সূত্ৰৰ পম খেদি শুকুৰবাৰে নিশা তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় দাসৰ নেতৃত্বত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী ভাস্কৰজ্যোতি বৰুৱাৰ সহযোগত আৰক্ষীৰ এটা দলে অভিযান চলায় ৷ এই অভিযানৰ সময়তে মাকুম ট্ৰেফিক পইণ্টৰ সমীপত আৰক্ষীৰ দলটোৱে তিনি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ।
ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে ৮ টা চাবোনৰ বাকচত সন্দেহজনক হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা হেৰ’ইনখিনিৰ ওজন প্ৰায় ৯৪.২৫ গ্ৰাম আৰু ইয়াৰ আন্তজাতিক বজাৰ মূল্য প্ৰায় ২০ লাখ টকা । হেৰ’ইনৰ লগতে ধৃত তিনি ব্যক্তিৰ পৰা আৰক্ষীয়ে নগদ ধন ৬০,০০০ টকাও জব্দ কৰিবলৈ সক্ষম হয় ৷