মাজুলী : উকা হৈ ৰ’ল মাজুলীৰ এলেঙি নৰসিংহ সত্ৰ ৷ কিয়নো সকলোকে কন্দোৱাই ইহ সংসাৰৰ পৰা চিৰবিদায় মাগিলে এলেঙি নৰসিংহ সত্ৰৰ সত্ৰাধিকাৰ ললিত চন্দ্ৰ মহন্তই ৷ বুধবাৰে পুৱা প্ৰায় ৭ বজাত যোৰহাট মেডিকেল কলেজ হাস্পতালত দেহাৱসান ঘটে সত্ৰাধিকাৰগৰাকীৰ ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ ।
প্ৰয়াত ললিত চন্দ্ৰ মহন্তৰ পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, প্ৰায় দুটা বছৰ আগৰে পৰা সত্ৰাধিকাৰগৰাকী স্বাস্থ্য অৱনতি ঘটিছিল ৷ লগতে প্ৰায় এবছৰৰ আগৰে পৰা সত্ৰাধিকাৰগৰাকী শয্যাগত হৈ আছিল ।
এইবাৰৰ ভোগালী বিহুৰ দিনাই সত্ৰাধিকাৰগৰাকীৰ স্বাস্থ্য অধিক অৱনতি ঘটে । যাৰ বাবে তেওঁক প্ৰথম অৱস্থাত গড়মূৰ জিলা চিকিৎসালয় নিয়া হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছিল । সেই তেতিয়াৰ পৰা যোৰহাট মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী । এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে প্ৰয়াত ললিত চন্দ্ৰ মহন্তৰ বোৱাৰীয়েকে ৷